ETV Bharat / bharat

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ সিংঘু সিমান্তত পুনৰ এজন কৃষকৰ মৃত্যু - border

কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা কৃষি বিৰোধী তিনিখন আইনৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰতিবাদ অব্যাহত আছে ৷ বিশেষকৈ পঞ্জাৱ, হাৰিয়ানাৰ কৃষক সকলে প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিছে ৷ প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে মঙলবাৰে সিংঘু সিমান্তত প্ৰতিবাদ কৰা এজন কৃষকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি, হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ কৃষক গৰাকীৰ মৃত্যু হৈছে ৷

farmer-death-due-to-heart-attack-on-singhu-border-sonipat
হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ সিংঘু বৰ্ডাৰত পুনৰ এজন কৃষকৰ মৃত্যু
author img

By

Published : Dec 15, 2020, 10:03 PM IST

নিউজ ডেস্ক, 15 ডিচেম্বৰ : শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা কৃষি বিৰোধী তিনিখন আইনৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰতিবাদ অব্যাহত আছে ৷ বিশেষকৈ পঞ্জাৱ, হাৰিয়ানাৰ কৃষক সকলে প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিছে ৷

এই আইন কেইখনৰ বিৰোধিতাৰে প্ৰতিবাদী কৃষকে সকলে বিগত প্ৰায় 20 দিন ধৰি সিংঘু বৰ্ডাৰত প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে মঙলবাৰে সিংঘু সিমান্তত প্ৰতিবাদ কৰা এজন কৃষকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি, হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ কৃষক গৰাকীৰ মৃত্যু হৈছে ৷ মৃত কৃষকজন 6 ডিচেম্বৰত সিংঘু সিমান্তত প্ৰতিবাদ কৰিবৰ বাবে উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : শিৱসাগৰত আটাছুৰ বিশাল প্ৰতিবাদী বাইক ৰেলী

মৃত কৃষকজন মোহালীৰ নিৱাসী 70 বছৰীয়া গুৰমিত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে তথ্য ৷ ঘটনাৰ পিচতে উক্ত স্থানত কুণ্ডলী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

ইয়াৰ পূৰ্বেও সোমবাৰে পুনৰ 2 গৰাকী কৃষকৰ মৃত্যু হৈছে ৷ সোমবাৰে নিশা পটিয়ালা জিলাৰ চফেদ গাঁৱত এক দুৰ্ঘটনাৰ ফলত 2 গৰাকী কৃষকৰ মৃত্যু হৈছে ৷ দিল্লীৰ পৰা প্ৰতিবাদ কৰি ঘৰলৈ উভতি অহাৰ সময়ত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় কৃষক দুগৰাকীৰ ৷ উক্ত দুৰ্ঘটনাত বহু কেইগৰাকী কৃষক আঘাতপ্ৰাপ্ত হোৱাৰ ফলত আঘাতপ্ৰাপ্ত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ উল্লেখ্য যে, বৰ্তমানলৈ মুঠ 4 গৰাকী কৃষকৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক : পৃথিৱীৰ পৰা ১০০ মিলিয়ন কিলোমিটাৰ দূৰৈত অৱস্থান চীনৰ মংগল যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.