ETV Bharat / bharat

পশ্চিমবংগৰ বিজেপি সভাপতিক নিৰ্বাচন আয়োগৰ জাননী

author img

By

Published : Apr 13, 2021, 9:56 PM IST

শীতলকুচিৰ দৰে ঘটনা আন কেইবা ঠাইতো সংঘটিত হ'ব বুলি কৰা বিতৰ্কিত মন্তব্যকলৈ নিৰ্বাচন আয়োগে জাননী প্ৰেৰণ কৰিলে পশ্চিমবংগ বিজেপিৰ সভাপতি দিলীপ ঘোষৰ বিৰুদ্ধে ।

পশ্চিমবংগৰ বিজেপি সভাপতিক নিৰ্বাচন আয়োগৰ জাননী
পশ্চিমবংগৰ বিজেপি সভাপতিক নিৰ্বাচন আয়োগৰ জাননী

নেশ্যনেল ডেস্ক,১৩ এপ্ৰিল: শেহতীয়াকৈ পশ্চিমবংগৰ কোচবিহাৰৰ শীতলকুচিত নিৰাপত্তা বাহিনীৰ হাতত নিহত হৈছিল চাৰিজনকৈ লোক । নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘটিত এনে ঘটনাৰ পিছতে বিভিন্ন দলে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে ।

পশ্চিমবংগ বিজেপিৰ সভাপতিয়ে কৈছিল যে ৰাজ্যখনৰ কেইবা ঠাইতো শীতলকুচিৰ দৰে ঘটনা সংঘটিত হ'ব । এনে বিতৰ্কিত মন্তব্যৰ পিছতে সভাপতি দিলীপ ঘোষৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কাষ চাপিছিল তৃণমূল কংগ্ৰেছ ।

অৱশেষত সভাপতিগৰাকীৰ বিৰুদ্ধে জাননী জাৰি কৰিলে নিৰ্বাচন আয়োগে । জাননীখনৰ জৰিয়তে বুধবাৰে ৰাতিপুৱালৈকে তেওঁৰ মন্তব্যৰ ওপৰত তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ কোৱা হৈছে ।

লগতে পঢ়ক: মিজোৰামৰ বক্সাৰ লালৰিনচাংগালৈ ক্ৰীড়ামন্ত্ৰীৰ দহ লাখ টকাৰ পুৰস্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.