ETV Bharat / bharat

জুক’ভেলীৰ পৰিস্থিতি নিয়ন্ত্ৰণ; অব্যাহত থাকিব অভিযান

বিগত 30 ডিচেম্বৰত নাগালেণ্ডৰ প্ৰাকৃতিক সৌন্দৰ্যৰে চহকী জুক’ভেলী বনজুইৰ কৰাল গ্ৰাসত পৰিছিল ৷ তেতিয়াৰে পৰা উপত্যকাটো জুইৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ নাগালেণ্ড চৰকাৰৰ লগতে ভাৰতীয় বায়ুসেনাই যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে ৷ তাৰ বাবে ভাৰতীয় বায়ুসেনাই ব্যৱহাৰ কৰিছিল চাৰিখনকৈ এমআই-17 হেলিকপ্তাৰ ৷ ইয়াৰোপৰি এনডিআৰএফ, এছডিআৰএফ, হোমগাৰ্ড, আৰক্ষী আৰু দক্ষিণ অংগামী যুৱ সংগঠনৰ 300 কৰ্মী অহৰহভাৱে এই জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাই আহিছে ৷

author img

By

Published : Jan 9, 2021, 8:26 AM IST

Dzukou blaze under control but operations to continue etv bharat news
জুক’ভেলীৰ পৰিস্থিতি নিয়ন্ত্ৰণ

ক’হিমা,9 জানুৱাৰী: নাগালেণ্ডৰ জুক’ ভেলীত অব্যাহত আছে বনজুই ৷ এই জুই নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে নাগালেণ্ড চৰকাৰৰ লগতে ভাৰতীয় বায়ুসেনা বাহিনীয়ে অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৷ সম্প্ৰতি জুক’ ভেলীৰ পৰিস্থিতি নিয়ন্ত্ৰণ হোৱা বুলি নাগালেণ্ডৰ এগৰাকী বন বিষয়াই সদৰী কৰিছে ৷ উপত্যকাটোত পৰিস্থিতি নিয়ন্ত্ৰণ হ’লেও সম্পূৰ্ণৰূপে শাম কটা নাই জুই ৷ ঘটনা সংঘটিত হোৱাৰ প্ৰায় 10 দিন উকলি যোৱাৰ পিছত সম্প্ৰতি কিছু পৰিমাণে নিয়ন্ত্ৰিত হৈছে জুই ৷ কোহিমাৰ খণ্ড বন বিষয়া ৰাজকুমাৰে সদৰী কৰা অনুসৰি, উপত্যকাটোৰ তিনি স্থানত দিনৰ ভাগত ধোঁৱা ওলোৱা পৰিলক্ষিত হৈছে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ হ’লেও অব্যাহত থাকিব অভিযান ৷

জুক’ ভেলীৰ এই বনজুই নিৰ্বাপনৰ বাবে বহুকেইটা উদ্ধাৰকাৰী দলৰ প্ৰায় 300 গৰাকী কৰ্মী নিয়োজিত কৰা হৈছে ৷ আনহাতে, বায়ুসেনাৰ হেলিকপ্তাৰে অগ্নি নিৰ্বাপনৰ সামগ্ৰী প্ৰয়োগ কৰাৰ লগতে বাম্বি বাকেট অভিযান অব্যাহত ৰাখিছে ৷

লগতে চাওকঃ তিনি বছৰৰ বাবে জেললৈ যাব লাগিব হিমন্ত বিশ্ব শৰ্মা : চিত্ৰৰঞ্জন বসুমতাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.