ETV Bharat / bharat

বৈশাখী উৎসৱঃ পঞ্জাৱ, হাৰিয়ানাৰ গুৰুদ্বাৰত ভক্তৰ ভিৰ - 'খালছা পন্থ'ৰ প্ৰতিষ্ঠা দিৱস

'খালছা পন্থ'ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰত ভক্তৰ লানি নিছিগা ভিৰ । পঞ্জাৱ আৰু হাৰিয়ানাৰ গুৰুদ্বাৰতো আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে । বৈশাখী উৎসৱ উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে ।

'খালছা পন্থ'ৰ প্ৰতিষ্ঠা দিৱসঃ অমৃতসৰৰ স্বৰ্ণ মন্দিৰত ভক্তৰ ভিৰ

author img

By

Published : Apr 13, 2021, 1:14 PM IST

নেশ্যনেল ডেস্ক, ১৩ এপ্ৰিল: বৈশাখী উৎসৱ উপলক্ষে পঞ্জাৱ, হাৰিয়ানাৰ গুৰুদ্বাৰলৈ আগমণ ঘটিছে ভক্তৰ । অমৃতসৰৰ স্বৰ্ণ মন্দিৰ হিচাপে খ্যাত হৰমন্দিৰ চাহিবতো ভিৰ কৰিছেহি ভক্তই । দশম শিখ গুৰু গোবিন্দ সিঙৰ 'খালছা পন্থ'ৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । এই উৎসৱে শস্য চপোৱাৰ বতৰ আৰম্ভ হোৱাৰো সংকেত দিয়ে ।

মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে পঞ্জাৱী লোকসকললৈ 'খালছা পন্থ'ৰ প্ৰতিষ্ঠা দিৱস আৰু বৈশাখীৰ শুভেচ্ছা জ্ঞাপন কৰে । এক বাৰ্তাৰ জৰিয়তে তেওঁ জনসাধাৰণক পঞ্জাৱৰ শতিকাজোৰা পুৰণি সাংস্কৃতিক ঐতিহ্যৰ কথা সোঁৱৰাই দিয়ে আৰু এই পৰম্পৰাসমূহ অক্ষুণ্ণ ৰাখিবলৈ সকলোকে আহ্বান জনায় ।

১৬৯৯ চনৰ এই পৱিত্ৰ দিনটোতে গুৰু গোবিন্দ সিঙে বিভিন্ন জাতিৰ 'পঞ্জ পেয়াৰাছে' (প্ৰিয়জন)ৰে শ্ৰী আনন্দপুৰ চাহিবত 'অৰ্ডাৰ অফ খালছা' ৰচনা কৰিছিল । খালচা পন্থ স্থাপনে সাম্প্ৰদায়িক সম্প্ৰীতিৰ লগতে মানৱ জাতিৰ মাজত সহানুভূতিৰ ভাৱ প্ৰচাৰ কৰি সমাজত সমতা গঢ়ি তোলাত অৰিহণা যোগাইছিল ।

জনসাধাৰণক ভাতৃত্ববোধ জীয়াই ৰাখি ঐতিহাসিক উৎসৱটি উদযাপন কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । ক'ভিড-১৯ প্ৰট'কল মানি চলিবলৈও ৰাইজক অনুৰোধ কৰে ।

লগতে পঢ়ক:উত্তৰ প্ৰদেশ পঞ্চায়ত নিৰ্বাচনঃ যোগেশ বাৰ্মা, পৱন গুপ্তাক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.