নেশ্যনেল ডেস্ক, ৫ জুন: বিগত বছৰৰ পৰাই দেশত মহামাৰী(covid-19)এ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । যাৰ বাবে বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পৰিছে । বহু লোকে সংস্থাপন হেৰুৱাইছে, বহুতে আকৌ ঘৰৰ মূল উপাৰ্জনকাৰীক হেৰুৱাইছে কৰ'ণাত । মুঠতে আৰ্থিকভাৱে একপ্ৰকাৰ জুৰুলা হৈ পৰিছে দেশৰ সৰ্বসাধাৰণ জনতা । কিন্তু এনে সময়তে দেশত বৃদ্ধি হৈছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য । যাৰ বাবে চিন্তাত পৰিছে দেশৰ সাধাৰণ জনতা ।
ইতিমধ্যে মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন বিৰোধী ৰাজনৈতিক দল, সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ । এইবাৰ পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ভাৰতীয় যুৱ কংগ্ৰেছে । দেশৰ ভিন্ন স্থানত পেট্ৰ'লৰ মূল্য ১০০ টকা আৰু ডিজেলৰ মূল্য ৯০ টকা অতিক্ৰম কৰাৰ মাজতে শনিবাৰে পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ বাহিৰত বৰ্ধিত মূল্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছৰ সদস্যসকলে ।
যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বি ভিৰ অভিযোগ চৰকাৰে দেশত অৰ্থনৈতিক দুৰ্যোগৰ সৃষ্টি কৰিছে । তেওঁৰ মতে বিজেপি দল বিৰোধী পক্ষত থাকোতে পেট্ৰ'ল-ডিজেলৰ মূল্য ৫ টকা বৃদ্ধিতে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল । কিন্তু বৰ্তমান মূদ্ৰাস্ফীতিৰ সময়ত সকলো নিমাত । যুৱ কংগ্ৰেছে এই প্ৰতিবাদৰ জৰিয়তে তেওঁলোক নিদ্ৰাৰ পৰা জগোৱাৰ চেষ্টা কৰা বুলি মন্তব্য কৰে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে । তেওঁ লগতে কয় যে মোডী চৰকাৰৰ বাবেই সাধাৰণ মানুহৰ বাজেটত প্ৰভাৱ পৰিছে । এইখন চৰকাৰৰ দিনত পেট্ৰ'ল-ডিজেলৰ মূল্যই এক নতুন অভিলেখ গঢ়িছে বুলিও তেওঁ এক তীৰ্যক মন্তব্য কৰে ৷
লগতে পঢ়ক:টুইটাৰ (twitter) কতৃপক্ষক ভাৰত চৰকাৰৰ অন্তিম জাননী