ETV Bharat / bharat

100 শতাংশ যাত্ৰীৰে চলিব দিল্লী মেট্ৰ’, ডিটিচি বাছ - শিথিল

দিল্লীৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই 26 জুলাইৰ পৰা দিল্লী মেট্ৰ' আৰু ডিটিচি বাছসমূহ 100 শতাংশ চলিবলৈ অনুমতি প্ৰদান কৰিছে । পূৰ্বে ক’ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি 50 শতাংশৰ অনুমতি দিয়া হৈছিল ।

100 শতাংশ যাত্ৰীৰে চলিব দিল্লী মেট্ৰ , ডিটিচি বাছ

author img

By

Published : Jul 25, 2021, 5:42 PM IST

নেশ্যনেল ডেস্ক, 25 জুলাই : ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত কিছু নীতি-নিয়মৰ মাজেৰে লক ডাউন ঘোষণা কৰা হৈছিল ৷ পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ পাচতেই দিল্লীৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (ডিডিএমএ) দিল্লী মেট্ৰ' আৰু ডিটিচি বাছসমূহক 26 জুলাইৰ 100 শতাংশ চলিবলৈ অনুমতি প্ৰদান কৰিছে । পূৰ্বে ক’ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি 50 শতাংশৰ অনুমতি দিয়া হৈছিল । অৱশ্যে এই ঘটনাৰ সংখ্যা হ্ৰাস হোৱাৰ লগে লগে নিষেধাজ্ঞাবোৰ শিথিল কৰা হৈছে ।

বিষয়াসকলে শনিবাৰে জনায় যে, দিল্লী মেট্ৰ'ক 100 শতাংশ চলিবলৈ অনুমতি দিয়া হৈছে ৷ কিন্তু কোনো যাত্ৰীক থিয় হৈ থকাৰ অনুমতি দিয়া নহ'ব । ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় ৰাজধানীত 50 শতাংশ শিথিলতাৰে সৈতে চিনেমা, থিয়েটাৰ আৰু মাল্টিপ্লেক্স খোলাৰ সিদ্ধান্ত লোৱা হৈছে । লগতে 20 জনৰ পৰিৱৰ্তে 100 জন লোকে অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব পাৰিব ।

একেদৰে 50 জনৰ পৰিৱৰ্তে 100 জন লোকে বিবাহ অনুষ্ঠানত উপস্থিত থাকিব পাৰিব । ইয়াৰ উপৰি দিল্লীত কিছুমান নিয়ম নিৰ্ধাৰণ কৰি স্পা খোলাৰ অনুমতিও দিয়া হৈছে । উল্লেখযোগ্য যে, এতিয়া যি কৰ্মচাৰীয়ে ক’ভিড-19 ৰ কেৱল সেই কৰ্মচাৰীসকলেহে স্পাত কাম কৰিব পাৰিব, যিসকলে ক’ভিড-19 ভেকচিনৰ দুয়োটা পালি গ্ৰহণ কৰিছে ৷

স্পা-ৰ সুবিধা লোৱা লোকসকলক এক প্ৰ-পত্ৰ প্ৰদান কৰা হ'ব ৷ যাৰ জৰিয়তে তেওঁলোকৰ সংক্ৰমণ আৰু ক’ভিডৰ সম্পৰ্কে তথ্য সংগ্ৰহ কৰা হ'ব । অৱশ্যে দিল্লী চৰকাৰে এই পৰ্যন্ত বিদ্যালয় আৰু মহাবিদ্যালয় খোলাৰ কথা বিবেচনা কৰা নাই ।

লগতে পঢ়ক: দিল্লীৰ সাম্প্ৰদায়িক হিংসা: অভিযুক্তৰ জামিন বিচাৰি আবেদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.