ETV Bharat / bharat

Flood in Delhi : বিপদসীমাৰ ওপৰেৰে বৈছে যমুনা, শংকিত দিল্লীবাসী

author img

By

Published : Jul 13, 2023, 1:09 PM IST

দিল্লীৰ মাজেৰে বৈ যোৱা যমুনা নদীৰ জলস্তৰ ২০৮.৪১ মিটাৰ উচ্চতালৈ বৃদ্ধি হৈছে । এই ক্ষেত্ৰত পূৰ্বৰ অভিলেখো ভংগ হৈছে । যাৰ বাবে নৈপৰীয়া লোকসকল আতংকিত হৈ পৰিছে । বহু লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে ।

Flood in Delhi
বিপদসীমাৰ ওপৰেৰে বৈছে যমুনা

নেশ্যনেল ডেস্ক,১৩ জুলাই : ধাৰাসাৰ বৰষুণৰ পাছতে এতিয়া বান আশংকাত ভুগিছে দিল্লীবাসী । বৃহস্পতিবাৰে দিল্লীৰ মাজেৰে বৈ যোৱা যমুনাৰ জলস্তৰ ২০৮.৪৮ মিটাৰ লৈ বৃদ্ধি পাইছে । যাৰ ফলত দিল্লীৰ নাগৰিক সংস্থাই সম্ভাব্য বানপানীৰ মোকাবিলা কৰিবলৈ যুদ্ধংদেহি মনোভাৱেৰে প্ৰস্তুতি আৰম্ভ কৰিছে । পুৰণি ৰে'লৱে দলঙত পুৱা ৮ বজাত যমুনাৰ জলস্তৰে ৪৫ বছৰ অভিলেখ ভংগ কৰিছে । জলস্তৰ বৃদ্ধিয়ে নৈৰ ওচৰৰ বাসিন্দাসকলক চিন্তিত কৰি তুলিছে ।

২০১৩ চনৰ পাছত প্ৰথমবাৰৰ বাবে বুধবাৰে পুৱা ৪ বজাত পানীৰ স্তৰ ২০৭ মিটাৰ অতিক্ৰম কৰিছে । নিশা ১১ বজালৈ ই ২০৮.০৮ মিটাৰ অতিক্ৰম কৰে । জলস্তৰ আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ সমীপৰ অঞ্চলবোৰত বানপানীৰ আশংকা কৰিছে কেন্দ্ৰীয় জল আয়োগে । আনহাতে আয়োগে ইয়াক "চৰম পৰিস্থিতি" হিচাপে বৰ্ণনা কৰিছে ।

এনে পৰিস্থিতিত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিছে । দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ লিখি হাৰিয়ানাৰ হাতনিকুণ্ড বেৰেজৰ পৰা পানী এৰি দিয়াৰ পৰামৰ্শ দিছে । মুখ্যমন্ত্ৰীয়ে কেইসপ্তাহমানৰ ভিতৰত জি-২০ সন্মিলনৰ বৈঠক আয়োজনৰ বাবে প্ৰস্তুত হোৱা ৰাষ্ট্ৰীয় ৰাজধানীৰ প্ৰতি গৃহ মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণৰো চেষ্টা কৰিছে ।

ইফালে বানপ্ৰৱণ অঞ্চলবোৰত দিল্লী আৰক্ষীয়ে চিআৰপিচিৰ ধাৰা ১৪৪ জাৰি কৰিছে । তেনে অঞ্চলবোৰত ৪ জন বা তাতোধিক লোকৰ সমাৱেশ আৰু ৰাজহুল চলাচলত বাধা প্ৰদান কৰা হৈছে । দিল্লী চৰকাৰৰ সকলো মন্ত্ৰীয়ে বিভিন্ন অঞ্চল পৰিদৰ্শন কৰিছে । আনহাতে বিজেপি আৰু আপৰ নেতাসকলে বান সাহায্যৰ কামত জড়িত হৈ পৰিছে ।

বানপানীৰ ভাবুকিৰ বুজ ল'বলৈ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে চাক্সেনাই বৃহস্পতিবাৰে দিল্লী দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ডিডিএমএ) এখন বৈঠক আহ্বান কৰিছে । তেওঁ সভাখনত সভাপতিত্ব কৰিব আৰু দিল্লীয়ে বানপানীৰ বাবে কেনেদৰে সাজু হৈছে তাৰ পৰ্যালোচনা কৰিব । ইফালে বৈঠকৰ অন্তত তেওঁ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে সকলো তথ্য আলোচনা কৰাৰ সম্ভাৱনা আছে ।

জানিব পৰা মতে প্ৰশাসনে ১৬,৫০০ ৰো অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে । ইফালে ৪৫ খন নাও সাজু কৰি ৰখা হৈছে । বেচৰকাৰী সংগঠনসমূহেও স্থানান্তৰিত লোকসকলক বান সাহায্য প্ৰদান কৰা দেখা গৈছে । ইফালে যমুনাৰ জলস্তৰ বৃদ্ধিৰ লগে লগে পুৰণি ৰে'লৱে দলংখন যান-বাহন চলাচলৰ বাবে বন্ধ কৰি দিয়া হৈছে ।

লগতে পঢ়ক :Himachal Flood Situation : হিমাচলত ৩০ হাজাৰ পৰ্যটকক সুৰক্ষিতভাৱে উদ্ধাৰ; মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.