ETV Bharat / bharat

Vaccination for children : দেওবাৰলৈ ৩.৫ লাখৰো অধিক হিতাধিকাৰীৰ পঞ্জীয়ন - CoWIN পৰ্টেলত ১ জানুৱাৰীৰ পৰা পঞ্জীয়ন আৰম্ভ

কিশোৰ-কিশোৰীসকলে ক'ভিড প্ৰতিষেধকৰ বাবে CoWIN পৰ্টেলত পঞ্জীয়ন আৰম্ভ কৰিছে । জানিব পৰা মতে দেওবাৰে পুৱালৈ এই পঞ্জীয়ন ৩.৫ লাখৰো অধিক হৈছে (Over 3 lakh children register on CoWIN)। ৩ জানুৱাৰীৰ পৰা ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক প্ৰদান কৰা হ'ব ক'ভিড প্ৰতিষেধক ।

Vaccination for children
দেওবাৰলৈ ৩ লাখৰো অধিক হিতাধিকাৰীৰ পঞ্জীয়ন
author img

By

Published : Jan 2, 2022, 2:22 PM IST

নেশ্যনেল ডেস্ক, ২ জানুৱাৰী : শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল যে, ৩ জানুৱাৰীত আৰম্ভ হ'ব ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক প্ৰতিষেধক প্ৰদানৰ অভিযান । উক্ত বয়সৰ কিশোৰ-কিশোৰীসকলে ক'ভিড প্ৰতিষেধকৰ বাবে পঞ্জীয়ন ১ জানুৱাৰীৰ পৰা কৰিব পাৰিব বুলি কোৱা হৈছিল । ইয়াৰ পাছতে ভাৰত চৰকাৰৰ Co-WIN পৰ্টেলত ১ জানুৱাৰীৰ পৰা কিশোৰ-কিশোৰীসকলৰ বাবে পঞ্জীয়ন আৰম্ভ হয় ।

জানিব পৰা মতে, দেওবাৰে পুৱালৈ ৩.৫ লাখৰো অধিক হিতাধিকাৰী কিশোৰ-কিশোৰীয়ে প’ৰ্টেলত পঞ্জীয়ন সম্পূৰ্ণ কৰিছে (Over 3 lakh children register on Co-WIN) । Co-WIN পৰ্টেলৰ তথ্য অনুসৰি, ১৫-১৮ বছৰ বয়সৰ ৩,৫৭,৯৮৪ গৰাকী হিতাধিকাৰীয়ে পুৱা ৯.৩০ বজাৰ ভিতৰত প’ৰ্টেলত পঞ্জীয়ন কৰিছে । প’ৰ্টেলৰ তথ্যই প্ৰকাশ কৰিছে যে, এতিয়ালৈকে Co-WIN পৰ্টেলত প্ৰায় ৯২,১৮,৬১,৮৭৮ টা পঞ্জীয়ন সম্পূৰ্ণ হৈছে । ইয়াৰ ভিতৰত ১৮-৪৪ বছৰ বয়সৰ ৫৭,৩৭,১৪,৯৬৯ গৰাকী আৰু ৪৫ বছৰৰ অধিক বয়সৰ ৩৪,৭৭,৮৮,৯২৫ গৰাকী লোকে পঞ্জীয়ন কৰিছে ।

১৫-১৮ বছৰ বয়সৰ টীকাকৰণ সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য সচিবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহক জনায় যে, কিশোৰ-কিশোৰীসকলক কেৱল 'ক’ভেক্সিন' প্ৰতিষেধকহে প্ৰদান কৰিব লাগিব ৷ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ ক’ভেক্সিনৰ অতিৰিক্ত পালি প্ৰেৰণ কৰা হ'ব বুলিও তেওঁ জনায় ।

লগতে পঢ়ক : Vaccination for teenagers: শীঘ্ৰেই ত্ৰিপুৰাত কিশোৰ-কিশোৰীয়ে লাভ কৰিব কভি'ড প্ৰতিষেধক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.