ETV Bharat / bharat

বিদ্যালয়সমূহত সকলো ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি নিশ্চিত কৰাৰ নিৰ্দেশ কেন্দ্ৰৰ - ক'ভিড 19 ৰ প্ৰভাৱ

ক'ভিড-19 অতিমাৰী সৃষ্ট পৰিৱেশৰ বিৰূপ প্ৰভাৱ হ্ৰাস কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰলৈ বিশেষ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ ৷ দুৱাৰে দুৱাৰে জৰীপ কৰি প্ৰত্যেক শিশুৰ বিদ্যালয়ত নামভৰ্তি সুনিশ্চিত কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ ৷

Door-to-door survey to enroll students
ৰাজ্য চৰকাৰক বিদ্যালয়সমূহত সকলো ল'ৰা ছোৱালীৰ নামভৰ্তি নিশ্চিত কৰাৰ নিৰ্দেশ কেন্দ্ৰৰ
author img

By

Published : Jan 10, 2021, 9:40 PM IST

নেচনেল ডেস্ক, 10 জানুৱাৰী : ক'ভিড-19 ৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহক সকলো ল'ৰা ছোৱালীৰে বিদ্যালয়ত নামভৰ্তি নিশ্চিত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৷

কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে ৰাজ্য চৰকাৰসমূহক দুৱাৰে দুৱাৰে জৰীপ কৰি বিদ্যালয়ত শিক্ষা গ্ৰহণৰ পৰা বাদ পৰা শিশুসকলক চিনাক্ত কৰি সকলো ল'ৰা ছোৱালীৰে নামভৰ্তি নিশ্চিত কৰাৰ বাবে এক কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

এই বছৰত ড্ৰপ-আউট প্ৰতিৰোধ কৰাৰ বাবে মন্ত্ৰণালয়ে ডিটেনচন নৰ্মচ কিছু শিথিল কৰাৰ উপৰিও ক'ৰণাসৃষ্ট পৰিৱেশৰ বাবে শিকন প্ৰক্ৰিয়াত হোৱা ক্ষতিৰ বাবে উপযুক্ত ব্যৱস্থা লোৱাৰ বাবে বাবেও নিৰ্দেশ প্ৰদান কৰিছে ৷

শিক্ষা মন্ত্ৰালয়ে কয় যে এই পদক্ষেপ বিশেষকৈ সেইসকল প্ৰব্ৰজনকাৰী শিশুক চিনাক্তকৰণ, নামভৰ্তি বাবে লোৱা হৈছে যিসকল শিশুৰ শিক্ষাত ক'ৰণা অতিমাৰী সৃষ্ট পৰিৱেশৰ বাবে বিৰূপ প্ৰভাৱ পৰিছে ৷

লগতে পঢ়ক:মধ্যপ্ৰদেশত ধৰ্মান্তৰকৰণ বিৰোধী নতুন আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.