ETV Bharat / bharat

Aero India 2023 : তেজছ বিমানৰ প্ৰতি আগ্ৰহ বিভিন্ন দেশৰ; তিনিখন গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি সম্পন্ন

author img

By

Published : Feb 15, 2023, 6:36 PM IST

১৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে এৰো ইণ্ডিয়া ২০২৩ কাৰ্যসূচী । পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই কাৰ্যসূচী ১৭ ফেব্ৰুৱাৰীত সামৰণি পৰিব (Aero India 2023) । মুখ্যতঃ ভাৰতৰ প্ৰতিৰক্ষা আৰু বিমানসেৱা ক্ষেত্ৰত ক্ৰমবৰ্ধমান শক্তি-সামৰ্থ্য প্ৰদৰ্শন কৰাটো ।

Aero India
Aero India 2023

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী : এৰো ইণ্ডিয়া 2023-ত (Aero India 2023) আৰ্জেণ্টিনা, ইজিপ্ত আৰু আন বহুতো দেশে তেজছৰ প্ৰতি আগ্ৰহ দেখুৱাইছে । হিন্দুস্তান এৰোনেটিকছ লিমিটেডৰ (HAL) দ্বাৰা নিৰ্মিত এই লাইট কমবেট এয়াৰক্ৰাফ্ট (Light Combat Aircraft, LCA) তেজছ । আনহাতে, HAL-ৰ উজ্জ্বল দিশটো হৈছে কোম্পানীটোৱে জেনেৰেল এটমিক্স (General Atomics), পিজেএছচি (PJSC) আৰু হেনছল্ডটৰ (HENSOLDT) সৈতে গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে ।

উল্লেখ্য, ইজিপ্তে ২০ খন তেজছ বিমানৰ বাবে প্ৰস্তাৱ দাখিল কৰিছে (countries showing interest in HAls Tejas Aircraft) । লগতে ভাৰতৰ সৈতে প্ৰতিৰক্ষা ব্যৱস্থা স্থাপনৰ ওপৰতো আলোচনা কৰা হৈছে (Egypt proposal for 20 Tejas aircraft) । আনহাতে, HAL ১৫ খন তেজছ বিমান বিক্ৰী কৰাৰ বাবে সাজু হৈছে (HAL selling 15 Tejas aircraft) । আৰ্জেণ্টিনা আৰু ইজিপ্ত দুয়োখন দেশেই তেজছ বিমানৰ প্ৰতি আগ্ৰহ দেখুৱাইছে । ইয়াৰ মাজতে আৰ্জেণ্টিনাৰ দুটা দলে HAL ভ্ৰমণ কৰিছে (Aero India 2023) ।

ইফালে আৰ্জেণ্টিনাৰ বায়ুসেনাৰ এটা দলে বিমানখন উৰুৱাই পৰীক্ষা কৰিছে । শীঘ্ৰেই চুক্তি স্বাক্ষৰ কৰা হ'ব বুলি জানিব পৰা গৈছে । অৱশ্যে ইয়াৰ পূৰ্বে HAL-এ মালয়েছিয়াৰ সৈতে ১৮ খন তেজছ বিমান যোগানৰ বাবে চুক্তি স্বাক্ষৰ কৰিছিল । কিন্তু প্ৰতিৰক্ষা বিষয়াসকলৰ মতে, মালয়েছিয়া বৰ্তমান দক্ষিণ কোৰিয়াৰ বিমান এফএ-৫০ গ'ল্ডেন ঈগলৰ বাবে আগ্ৰহী হোৱাৰ বাবে এই চুক্তি বাতিল হোৱাৰ সম্ভাৱনা আছে ।

তিনিখন গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰ: HAL-এ Turbo-prop engine-ৰ বাবে MRO সমৰ্থন প্ৰদান কৰিব । আনহাতে, জেনেৰেল এটমিক্স এৰোনটিকেল ছিষ্টেমছৰ দ্বাৰা নিৰ্মিত জাৰ্মানীস্থিত HENSOLDT আৰু HAL-এ ভাৰতীয় হেলিকপ্টাৰৰ বাবে মুখ্যতঃ Advanced Light Helicopter-ৰ Obstacle Avoidance System (OAS) ডিজাইন আৰু IPR স্থানান্তৰকৰণ সামৰি এক সহযোগিতা চুক্তি ঘোষণা কৰিছে । যাৰ ফলত 100% প্ৰযুক্তি স্থানান্তৰৰ আশা কৰা হৈছে ।

HAL-এ সংযুক্ত আৰব এমিৰেটছত জৰুৰীকালীন চিকিৎসা সেৱা, দূৰৱৰ্তী স্বাস্থ্যসেৱা আৰু বৃত্তিগত স্বাস্থ্য সমাধানৰ এক আগশাৰীৰ স্বাস্থ্যসেৱা প্ৰদানকাৰী Response Plus Holding PJSC (RPM)-ৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে ।

উল্লেখ্য, বিগত ১৩ ফেব্ৰুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এৰো ইণ্ডিয়া কাৰ্যসূচী । ১৩ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেংগালুৰুৰ য়েলাহেনাকাস্থিত ভাৰতীয় বায়ুসেনা ষ্টেচনত এই কাৰ্যসূচী উদ্বোধন কৰে । এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য হৈছে আকাশীযান আৰু প্ৰতিৰক্ষা ব্যৱস্থাত ভাৰতৰ ক্ৰমবৰ্ধিত শক্তি-সামৰ্থৰ প্ৰদশন কৰাটো ।

লগতে পঢ়ক : Taj Mahotsav 2023: আহি আছে সকলোৱে অপেক্ষা কৰি থকা তাজ মহোৎসৱ, জানি লওক তাৰিখ তথা টিকটৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.