ETV Bharat / bharat

ত্ৰিপুৰাৰ নিৰ্বাচন: কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ বাবে ইস্তাহাৰ মুকলি কৰিলে কংগ্ৰেছে । স্বাস্থ্য খণ্ড, শিক্ষা খণ্ডৰ উন্নয়নৰ লগতে নিয়োগ বৃদ্ধিৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ ।

ত্ৰিপুৰা নিৰ্বাচনঃ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

author img

By

Published : Mar 27, 2021, 12:57 PM IST

নেশ্যনেল ডেস্ক,২৭ মাৰ্চ: ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ অঞ্চলবোৰ অৰ্থনৈতিক আৰু সামাজিক দিশত শক্তিশালী কৰি তোলাৰ প্ৰতিশ্ৰুতিৰে শুকুৰবাৰে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছে কমিটিয়ে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে । ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছে কমিটিৰ সভাপতি পীযুষ বিশ্বাসে কয় যে, ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ অঞ্চলৰ বাবে দলে নিশ্চিত কৰিব বিচৰা বিষয়বোৰ এই নিৰ্বাচনী ইস্তাহাৰত পুংখানুপুংখভাৱে সন্নিৱিষ্ট কৰা হৈছে ।

লগতে তেওঁ আশা কৰে যে, ৰাইজে প্ৰকৃতাৰ্থত উন্নয়ন বিচাৰিলে কংগ্ৰেছক সমৰ্থন জনাব । আনহাতে, কংগ্ৰেছৰ ইস্তাহাৰ কমিটিৰ অধ্যক্ষ তথা অৱসৰপ্ৰাপ্ত অধ্যাপক মাণিক দেৱে কয় যে, দীঘলীয়া সময় ধৰি বাওঁপন্থী দলৰ অপশাসন আৰু ৩ বছৰে বিজেপি-আইপিএফটিৰ শাসন চলি থকাৰ সময়ত জিলা পৰিষদৰ অধীনৰ অঞ্চলৰ ৰাইজ আটাইতকৈ বেছি বঞ্চিত হৈছিল ।

স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি উন্নয়ন, শিক্ষা আৰু আন মৌলিক সা-সুবিধা লাভ কৰাৰ ক্ষেত্ৰত ৰাজ্যখনৰ আন ঠাইৰ তুলনাত স্বায়ত্ব শাসিত জিলা পৰিষদৰ অঞ্চলবোৰ চৰকাৰৰ অৱহেলাৰ বাবে পিছ পৰি আছে । মাণিক দেৱৰ মতে, কংগ্ৰেছেই হৈছে একমাত্ৰ দল, যাৰ উদ্দেশ্য হৈছে পৰিৱৰ্তন অনা । কংগ্ৰেছে ৰাজ্যখনৰ সকলো লোকে সমান সুবিধা লাভ কৰাতো বিচাৰে বুলি মন্তব্য কৰে অৱসৰপ্ৰাপ্ত অধ্যাপকগৰাকীয়ে ।

ইস্তাহাৰখনত স্বায়ত্ব শাসিত জিলা পৰিষদৰ অধীনৰ অঞ্চলৰ বাবে প্ৰত্যক্ষ পুঁজি আৱণ্টনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে । কংগ্ৰেছ ক্ষমতালৈ আহিলে এই সন্দৰ্ভত সংকল্প গ্ৰহণ কৰিব বুলিও তেওঁ মন্তব্য কৰে । কংগ্ৰেছৰ ইস্তাহাৰ কমিটিৰ অধ্যক্ষ গৰাকীয়ে কোৱা মতে, ৰাজ্যখনৰ ভূমিৰ মুঠ ৭০ শতাংশ ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ অধীনত আছে । কিন্তু ইয়াৰ পিছতো কেৱল ২৮টা সমষ্টিহে আছে ।

কংগ্ৰেছে সমষ্টিৰ সংখ্যা ৬০ টালৈ বৃদ্ধি হোৱাতো বিচাৰে বুলি তেওঁ মন্তব্য কৰে । পূৰ্বে নিৰ্বাচিত পৰিষদে ৰাইজক প্ৰতাৰণা কৰিছিল বুলি তেওঁ অভিযোগ উত্থাপন কৰে । বিগত বৰ্ষত ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ বাজেট আছিল ১,১০০ কোটি টকা । তাৰ পৰিৱৰ্তে ৰাজ্যৰ বাজেট আছিল ২০,০০০ কোটি টকা । ইয়াতেই সকলো কথা স্পষ্ট হৈ পৰে বুলিও তেওঁ সমালোচনা কৰে ।

মাণিক দেৱে লগতে কয় যে, কংগ্ৰেছে এই বিশেষ অঞ্চলৰ আৰ্থ সামাজিক বিকাশৰ বাবে কৌশল যুগুত কৰাৰ বাবে এখন পৰিকল্পনা সমিতি গঠন কৰিব আৰু ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ অঞ্চলত ইন্দিৰা গান্ধীৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব ।

লগতে পঢ়ক: ৰিগিং কৰা ভোট: নিৰ্বাচনী আয়োগক দোষাৰোপ চিপিআইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.