নিউজ ডেস্ক, 27 জানুৱাৰী: শুকুৰবাৰে কংগ্ৰেছে ৰাহুল গান্ধী আৰু ভাৰত জোড়ো যাত্ৰাত নিৰাপত্তাত সুৰুঙা থকাৰ অভিযোগ উত্থাপন কৰি জম্মু-কাশ্মীৰ প্ৰশাসনক তীব্ৰ সমালোচনা কৰে ৷ ‘‘আমি এতিয়ালৈকে জানিব পৰা মতে, আমাৰ জম্মু-কাশ্মীৰৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজনী পাটিলৰ বক্তব্যত ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰাক কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ প্ৰশাসনে নিৰাপত্তা প্ৰদান কৰাত ব্যৰ্থ হোৱাটো স্পষ্ট হৈছে । নিৰাপত্তাৰক্ষীৰ ভুলটোৱে প্ৰশাসনৰ অসৎ আৰু অপ্ৰস্তুত মনোভাৱৰ ইংগিত দিয়ে । যেতিয়া আমাৰ হাতত অধিক তথ্য থাকিব আমি আপোনালোকক জনাম ৷’’ ৰাজনী পাটিল এটা টুইটৰ কথা উল্লেখ কৰি এইদৰে কয় কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ পৱন খেৰাই (Bharat Jodo Yatra in Jammu) ৷
কাশ্মীৰৰ বানিহালত হঠাতে নিৰাপত্তা বাহিনীয়ে যাত্ৰা বন্ধ কৰি বুলেটপ্ৰুফ গাড়ীৰ ব্যৱস্থাত যাত্ৰা কৰিবলৈ অনুৰোধ জনাইছিল ৰাহুল গান্ধীক ৷ কিন্তু কংগ্ৰেছৰ প্ৰভাৰী কে চি বেনুগোপালসহ একাংশ কংগ্ৰেছ নেতাই এই ঘটনাক নিৰাপত্তাজনিত অৱহেলা বুলি অভিযোগ তোলে ৷ ‘‘ডি এলেকাৰ পৰা হঠাৎ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰৰ ফলত কাশ্মীৰৰ বানিহালত নিৰাপত্তা ভংগৰ পৰিবেশৰ সৃষ্টি হৈছে । এই নিৰ্দেশ কোনে দিলে ?” বেনুগোপালে প্ৰশ্ন কৰে (Cong alleged breach in Rahul Security) ৷
এই ভুলৰ প্ৰতি দায়বদ্ধ কৰ্তৃপক্ষই উত্তৰ দিব লাগিব আৰু ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধৰ বাবে উপযুক্ত পদক্ষেপ ল’ব লাগিব বুলিও বেনুগোপালে উল্লেখ কৰে । ‘‘ৰাহুল গান্ধীৰ জীৱন আৰু কংগ্ৰেছ কৰ্মীৰ জীৱনৰ সৈতে ধেমালি খেলা হৈছে । এইখন ইমান স্পৰ্শকাতৰ ঠাই, নিৰাপত্তাৰ ক্ষেত্ৰত আমি অতিশয় চিন্তিত’’ বুলি সদৰী কৰে কে চি বেনুগোপালে (Jammu and Kashmir Bharat Jodo Yatra) ৷
পাটিলে টুইটযোগে নিৰাপত্তাৰক্ষীয়ে ৰাহুল গান্ধীক বুলেটপ্ৰুফ গাড়ীত কঢ়িয়াই নিয়া ছবিসমূহ প্ৰচাৰ কৰিছে ৷ যাৰ ফলত ভাৰত জোড়ো যাত্ৰা পৰিচালনা কৰা কংগ্ৰেছ কৰ্মীসকল বিভ্ৰান্ত আৰু চিন্তিত হৈ পৰা দেখা গৈছে । বিশেষ সূত্ৰ মতে, নিৰাপত্তাজনিত কাৰণতেই আপাতঃ দৃষ্টিত প্ৰশাসনে খোজকাঢ়ি যাত্ৰা কৰাৰ অনুমতি নিদিলে । এই যাত্ৰা জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰৱেশ কৰাৰ বহু আগতেই কংগ্ৰেছে ৰাহুল গান্ধীৰ নিৰাপত্তাৰ ক্ষেত্ৰত হোৱা বেমেজালিক লৈ উদ্বেগ প্ৰকাশ কৰিছিল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ লিখি কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বীগৰাকীক ফুলপ্ৰুফ নিৰাপত্তা প্ৰদান কৰিছিল । অৱশ্যে এই বিষয়ত চি আৰ পি এফৰ এজন বিষয়াই কংগ্ৰেছ দল আৰু ৰাহুলে কেইবাটাও নিৰাপত্তা গাইডলাইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল ।
তেতিয়া বেনুগোপালে কয় যে, দলটোৱে জম্মু কাশ্মীৰলৈ যাবলৈ ভয় নকৰে ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰক ইয়াৰ উদ্বেগ সম্পৰ্কে অৱগত কৰিছিল । পিচত ৰাহুল গান্ধীয়েও কয় যে, তেওঁৰ বাবে বুলেটপ্ৰুফ গাড়ীত যাত্ৰা কৰাটো সম্ভৱ নহয় ৷ কাৰণ ইয়াৰ ফলত তেওঁ আৰু সাধাৰণ মানুহৰ মাজত ব্যৱধান সৃষ্টি হ’ব । যেতিয়া যাত্ৰা জম্মুত উপস্থিত হৈছিল, তেতিয়া যাত্ৰাস্থলীৰ ওচৰতে দুটাকৈ বিস্ফোৰণ ঘটাত কংগ্ৰেছ নেতা-সদস্যসকল চিন্তিত হৈ পৰে (Rahul Gandhi led Bharat Jodo Yatra)।
দলৰ নেতা জয়ৰাম ৰমেশেও কয়, “ৰাহুল গান্ধীৰ নিৰাপত্তাৰ ক্ষেত্ৰত দলে কেতিয়াও আপোচ নকৰে আৰু নিৰাপত্তা সংস্থাৰ পৰা অহা নিৰ্দেশনা মানি চলিব’’ ৷
লগতে পঢ়ক: Allegations against BJP leader: কংগ্ৰেছ নেত্ৰীৰ গৃহলৈ শিলাবৰ্ষণ বিজেপি নেতাৰ