ETV Bharat / bharat

Che Guevara Daughter : 25 বছৰৰ মূৰত কলকাতালৈ আহিব চে গুৱেভাৰাৰ জীয়াৰী - আলেইদা গুৱেভাৰা

1998 চনৰ পিচত 25 বছৰৰ অন্তত কলকাতালৈ আহিব চে গুৱেভাৰাৰ জীয়াৰী আৰু নাতিনী ৷ 20 জানুৱাৰীত কলকাতাত উপস্থিত হ’ব আলেইদা গুৱেভাৰা আৰু এষ্টেফানিয়া গুৱেভাৰা (Aleida Guevara to visit Kolkata)৷

Che Guevara Daughter
কলকাতালৈ আহিব চে গুৱেভাৰাৰ জীয়ৰী
author img

By

Published : Jan 12, 2023, 8:44 PM IST

নিউজ ডেস্ক, 12 জানুৱাৰী : বিপ্লৱৰ বিশ্বপ্ৰতীক চে গুৱেভাৰা (Che Guevara)৷ সম্পূৰ্ণ নাম আৰ্নেস্তো চে গুৱেভাৰা ৷ সুদীৰ্ঘ 25 টা বছৰৰ পিচত আৰ্জেণ্টিনাৰ মাৰ্ক্সবাদী বিপ্লৱীগৰাকীৰ জীয়াৰী আহিব কলকাতালৈ (Aleida Guevara to visit Kolkata)৷ গুৱেভাৰাৰ নাতিনী এষ্টেফানিয়া গুৱেভাৰাও(Estefania Guevara) আহিব মাতৃ আলেইদা গুৱেভাৰাৰ সৈতে ৷

তেওঁলোকে 20 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈকে দুদিন পশ্চিম বংগতে কটাব ৷ ৰাজ্যখনৰ বাওঁপন্থী দলসমূহে এক বিশেষ সম্বৰ্ধনা জনাব ৷ চিপিআইএমৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ এক সূত্ৰই জনোৱা অনুসৰি ৰাজ্যখনৰ কেৱল বাওঁপন্থীসকলেই নহয়, আন বহুতে আদৰণি জনাব চে গুৱেভাৰাৰ জীয়াৰী আৰু নাতিনীক ৷

Aleida Guevara to visit Kolkata
25 বছৰৰ মূৰত কলকাতালৈ আহিব চে গুৱেভাৰাৰ জীয়াৰী

চিপিআই(এম)ৰ ৰাজ্যিক কাৰ্যালয়ৰ সূত্ৰ অনুসৰি আলিমুদ্দিন ষ্ট্ৰীটৰ মুজাফ্ফৰ আহমেদ ভৱন, আলেদা আৰু এষ্টেফানিয়া যাদৱপুৰ বিশ্ববিদ্যালয়, কলেজ ষ্ট্ৰীট, বাৰেকপুৰৰ ভাৰতীয় পৰিসাংখ্যিক প্ৰতিষ্ঠানলৈ(Indian Statistical Institute) যাব গোৱেভাৰৰ জীয়াৰী আৰু নাতিনী ৷ য'ত তেওঁলোকৰ উপস্থিতিত বিশেষ আলোচনাৰ আয়োজন কৰা হ'ব ৷ 13 জানুৱাৰীত কলকাতা প্ৰেছ ক্লাব অথবা ডিৱাইএফআইৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত হ'ব য'ত সৰ্বভাৰতীয় শান্তি আৰু সংহতি সংস্থাৰ (এআইপিএছও) সদস্যসকল উপস্থিত থাকিব ৷

এআইপিএছঅ'ৰ ৰাজ্যিক সমিতিৰ সদস্য তথা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা চিপিআই(এম)ৰ নেতা ৰবীন দেৱে কয় যে যোৱা শতিকাৰ নব্বৈৰ দশকত আলেইদাই আমেৰিকাৰ কাৰাগাৰৰ পৰা পাঁচজন কিউবান বিপ্লৱীক মুক্তি দিয়াৰ দাবীত জনমত গঠন কৰা উদ্দেশ্যে বিভিন্ন দেশলৈ গৈছিল ৷

Che Guevara daughter in Kolkata

উল্লেখ্য যে, ২০ জানুৱাৰীৰ পুৱা ৯.৩০ বজাত দমদম বিমানবন্দৰত অৱতৰণ কৰিব আলেইদা গুৱেভাৰা আৰু এষ্টেফানিয়া গুৱেভাৰা ৷ য'ত সৰ্বভাৰতীয় শান্তি আৰু সংহতি সংস্থাৰ প্ৰতিনিধিৰ লগতে বাওঁপন্থী ছাত্ৰ আৰু যুৱ সংগঠনসমূহতেওঁলোকক আদৰণি জনোৱাৰ বাবে উপস্থিত হ’ব ৷

আলিদা আৰু এষ্টেফানিয়া ২১ জানুৱাৰীৰ পুৱা চন্দননগৰলৈ যোৱাৰ হোৱাৰ কথা আছে ৷ উক্ত দিনা পুৱা ৯:৩০ বজাৰ ভিতৰতে চন্দননগৰত উপস্থিত হ'ব দুয়ো ৷ ইয়াৰ পিচতে দুপৰীয়া ২ বজাত কলেজ ষ্ট্ৰীটত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি দুপৰীয়াৰ ভিতৰত পুনৰ কলকাতালৈ উভতি আহিব (Che Guevara daughter in Kolkata) ৷ ভাৰত ভ্ৰমণৰ সময়ত তেওঁলোক হায়দৰাবাদ, দিল্লী আৰু বিজয়ৱাড়ালৈও যাব ৷

লগতে পঢ়ক: Assam History controversy: বাওঁপন্থীক দোষাৰোপ কৰি অসমৰ বুৰঞ্জী নতুন ধৰণে লিখাৰ অংগীকাৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.