নিউজ ডেস্ক, ৮ জুলাই : ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শুকুৰবাৰে নাগৰিকসকলক শ্ৰীহৰিকোটাৰ এছডিএছচি-এছএআৰৰ লঞ্চ ভিউ গেলেৰীৰ পৰা চন্দ্ৰযান-৩-ৰ উৎক্ষেপণ চাবলৈ আমন্ত্ৰণ জনাইছে । ইয়াৰ বাবে lvg.shar.gov.in/VSCREGISTRATIO-ত পঞ্জীয়ন কৰিব লাগিব । "বাহনৰ বৈদ্যুতিক পৰীক্ষা সম্পূৰ্ণ হৈছে । নাগৰিকসকলক শ্ৰীহৰিকোটাৰ এছডিএছচি-এছএআৰৰ লঞ্চ ভিউ গেলেৰীৰ পৰা https://lvg.shar.gov.in/VSCREGISTRATIO-ত পঞ্জীয়ন কৰি উৎক্ষেপণ চাবলৈ আমন্ত্ৰণ জনোৱা হৈছে ।" ইছৰোৱে টুইট কৰি জনাইছে ।
ইয়াৰ পূৰ্বে ভাৰতীয় মহাকাশ আৰু গৱেষণা সংস্থাৰ (ইছৰো) সঞ্চালক এছ সোমনাথে ঘোষণা কৰে যে ভাৰতৰ পৰিকল্পিত তৃতীয় চন্দ্ৰ অন্বেষণ অভিযান চন্দ্ৰযান-৩ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ১৪ জুলাইৰ বিয়লি ২.৩৫ বজাত উৎক্ষেপণ কৰা হ'ব । চন্দ্ৰযান-৩-ৰ উৎক্ষেপণ সন্দৰ্ভত সোমনাথে কয়, "১৪ জুলাইৰ বিয়লি ২.৩৫ বজাত চন্দ্ৰযান-৩ উৰা মাৰিব আৰু যদি সকলো ঠিকে থাকে তেন্তে ২৩ আগষ্টত (চন্দ্ৰত) অৱতৰণ কৰিব... চন্দ্ৰত কেতিয়া সূৰ্যোদয় হয় তাৰ ওপৰত ভিত্তি কৰি তাৰিখ নিৰ্ধাৰণ কৰা হয়; এইটো গণনাৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্তু যদি ই পলম হয়, তেন্তে আমি পৰৱৰ্তী মাহ হিচাপে ছেপ্টেম্বৰত অৱতৰণৰ লক্ষ্য ৰাখিব লাগিব ।"
-
LVM3-M4/Chandrayaan-3 Mission:
— ISRO (@isro) July 7, 2023 " class="align-text-top noRightClick twitterSection" data="
Vehicle electrical tests completed.
Citizens are invited to witness the launch from the Launch View Gallery at SDSC-SHAR, Sriharikota, by registering at https://t.co/J9jd8ylRcC
">LVM3-M4/Chandrayaan-3 Mission:
— ISRO (@isro) July 7, 2023
Vehicle electrical tests completed.
Citizens are invited to witness the launch from the Launch View Gallery at SDSC-SHAR, Sriharikota, by registering at https://t.co/J9jd8ylRcCLVM3-M4/Chandrayaan-3 Mission:
— ISRO (@isro) July 7, 2023
Vehicle electrical tests completed.
Citizens are invited to witness the launch from the Launch View Gallery at SDSC-SHAR, Sriharikota, by registering at https://t.co/J9jd8ylRcC
উল্লেখ্য, অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ১৪ জুলাইৰ বিয়লি ২.৩৫ বজাত চন্দ্ৰযান-৩ অভিযান আৰম্ভ হোৱাৰ কথা আছে । চন্দ্ৰযান-3 হৈছে চন্দ্ৰপৃষ্ঠত সুৰক্ষিত অৱতৰণ আৰু ভ্ৰমণৰ ক্ষেত্ৰত এণ্ড-টু-এণ্ড ক্ষমতা প্ৰদৰ্শন কৰাৰ বাবে চন্দ্ৰযান-2-ৰ এক অনুসৰণ অভিযান । চন্দ্ৰযান-৩-ৰ লেণ্ডাৰ ২৩ বা ২৪ আগষ্টত চন্দ্ৰপৃষ্ঠত মসৃণ অৱতৰণ কৰাৰ সম্ভাৱনা আছে । তেওঁ লগতে কয় যে ইছৰোৰ মুখ্য উদ্দেশ্য হৈছে চন্দ্ৰযান-৩-ৰ সুৰক্ষিত আৰু মসৃণ অৱতৰণ সক্ষম কৰাটো ।
"আমাৰ মুখ্য উদ্দেশ্য হৈছে এক সুৰক্ষিত আৰু মসৃণ অৱতৰণ; সকলো সঁজুলি সুৰক্ষিতভাৱে গ'লে আৰু মসৃণ অৱতৰণ হ'লে ভাল হ'ব । আমাৰ অৱতৰণ প্ৰণালী অতি ভাল । অৱতৰণৰ পিছত ৰ'ভাৰ ওলাই আহিব । ৰ'ভাৰৰ ৬ টা চকা আছে আৰু আমি আশা কৰিছোঁ যে ৰ'ভাৰে চন্দ্ৰত ১৪ দিন কাম কৰিব... ৰ'ভাৰত থকা একাধিক কেমেৰাৰ সমৰ্থনত আমি ছবি লাভ কৰিম । আমাৰ ৰ'ভাৰত এটা সৌৰ পেনেল আছে । আমি ইতিমধ্যে ইয়াক পৰীক্ষা কৰিছোঁ আৰু বেটাৰীৰ ফলাফল আমাৰ অতি ভাল ।" সোমনাথে লগতে কয় ।
লগতে পঢ়ক :Chandrayaan 3 : ১৪ জুলাইত চন্দ্ৰযান-৩ৰ উৎক্ষেপণ, চন্দ্ৰযানৰ বিশেষত্ব কি ?