ETV Bharat / bharat

CBI raid at Rabri Devi residence : লালুৰ পত্নী ৰাৱৰী দেৱীৰ ঘৰত চিবিআইৰ অভিযান

author img

By

Published : Mar 6, 2023, 5:31 PM IST

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লালু প্ৰসাদ যাদৱৰ পত্নী ৰাৱৰী দেৱীৰ বাসগৃহত চলি আছে চিবিআইৰ অভিযান (CBI raid at Rabri Devi residence)। ভূমিৰ বিনিময়ত চাকৰি গোচৰ সন্দৰ্ভত এই অভিযান । চিবিআইৰ ১২ জনীয়া দলে নেত্ৰীগৰাকীৰ পাটনাৰ বাসগৃহত এই অভিযান চলাইছে ।

Etv Bharat
Etv Bharat

নেশ্যনেল ডেস্ক,৬ মাৰ্চ : কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআইয়ে পুনৰ এবাৰ বিহাৰৰ ৰাজধানী পাটনাত ৰাৱৰী দেৱীৰ বাসগৃহত অভিযান আৰম্ভ কৰিছে (CBI raid at Rabri Devi residence)। চিবিআইৰ দলটোৱে সোমবাৰে পুৱাৰে পৰা ৰাৱৰী দেৱীৰ বাসগৃহত অভিযান চলাইছে । অভিযানকাৰী দলটোত চিবিআইৰ ১২ জনকৈ সদস্য আছে বুলি জানিব পৰা গৈছে ।

ভূমিৰ বিনিময়ত চাকৰি প্ৰদানৰ এক অভিযোগৰ ভিত্তিত এই তদন্ত কৰিছে চিবিআইয়ে (CBI raid on land for job scam)। দিল্লীৰ ৰৌজ এভিনিউ আদালতে ইতিমধ্যে অভিযানৰ বাবে ৰাৱৰী দেৱীলৈ জাননী প্ৰেৰণ কৰিছিল । ৰাৱৰীৰ বাসগৃহত চিবিআইৰ অভিযান চলি থকাৰ সময়ত বাসগৃহৰ ভিতৰত পৰিৱেশ মন্ত্ৰী তেজ প্ৰতাপ যাদৱ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাৱৰী দেৱী উপস্থিত থকা বুলি জানিব পৰা গৈছে । অৱশ্যে উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ বাজেট অধিৱেশনৰ বাবে বিধানসভাত উপস্থিত আছে ।

লালু প্ৰসাদ যাদৱ ৰে'ল মন্ত্ৰী হৈ থকাৰ সময়তে ভূমিৰ বিনিময়ত চাকৰি দিয়াৰ এক অভিযোগ উঠিছিল । গোচৰটো ২০০৪ চনৰ পৰা ২০০৯ চনৰ ভিতৰত আছিল যেতিয়া লালু প্ৰসাদ যাদৱ কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী আছিল (Land for job case in Bihar)। লালুৰ উপৰিও তেওঁৰ পত্নী ৰাৱৰী দেৱী, তেওঁৰ দুই কন্যা মিছা ভাৰতী আৰু হেমা যাদৱ আৰু আন ১২ জনৰ বিৰুদ্ধে গোচৰটোত অভিযোগনামা দাখিল কৰা হৈছে ।

চিবিআইৰ অভিযোগ অনুসৰি, লালু প্ৰসাদ ৰে'লমন্ত্ৰী হৈ থাকোতে ৰে'লৱেৰ নিযুক্তিত বৃহৎ পৰিমাণৰ অনিয়ম সংঘটিত হৈছিল (Lalu family involved in land for job case)।

চিবিআইয়ে গোচৰটোত এখন এজাহাৰ দাখিল কৰিছে (CBI FIR on land for job scam)। এজাহাৰ অনুসৰি, ৰে'লৱেত ভূমিৰ বিনিময়ত চাকৰি লাভ কৰা সকলৰ নাম হৈছে ৰাজকুমাৰ, মিথিলেশ কুমাৰ, অজয় কুমাৰ, সঞ্জয় ৰায়, ধৰ্মেন্দ্ৰ ৰায়, ৰবীন্দ্ৰ ৰায়, অভিষেক কুমাৰ, দিলচান্দ কুমাৰ, প্ৰেমচান্দ কুমাৰ, লালচান্দ কুমাৰ, হৃদয়ানন্দ চৌধুৰী আৰু পিন্টু কুমাৰ ।

পৰিয়ালৰ এই সকলো সদস্যৰ নামত, লালুৰ পত্নী ৰাৱৰী আৰু কন্যা মিছা ভাৰতী আৰু হেমা যাদৱৰ নামত ভূমিৰ মালিকানা হস্তান্তৰ কৰা হৈছিল আৰু লগতে লাখ লাখ টকাও দিয়া হৈছিল । এই ১২ জন লোকৰ ওপৰত বক্ৰ পথেৰে চৰকাৰী চাকৰি পোৱাৰ অভিযোগ আছে ।

লগতে পঢ়ক :Send stray dogs to Assam: অসমৰ মানুহে কুকুৰ খায়, অসমত কুকুৰৰ চাহিদা আছে; মহাৰাষ্ট্ৰ বিধায়কৰ বিতৰ্কিত মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.