ETV Bharat / bharat

Cash for query case : আজি সংসদৰ নৈতিকতা সমিতিৰ সন্মুখত হাজিৰ হ'ব মহুৱা মৈত্ৰ

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 10:49 AM IST

সংসদৰ নৈতিকতা সমিতিক মহুৱা মৈত্ৰই অতিৰিক্ত সময় বিচাৰিছিল । কিন্তু সমিতিয়ে আবেদন প্ৰত্যাখ্যান কৰি তেওঁক ২ নৱেম্বৰত হাজিৰ হ'বলৈ কয় । বিজেপিয়ে অভিযোগ কৰা মতে ধনৰ বিনিময়ত তৃণমূলৰ সাংসদগৰাকীয়ে লোকসভাত প্ৰশ্ন সুধিছিল ।

Cash for query case
আজি সংসদৰ নৈতিকতা সমিতিৰ সন্মুখত হাজিৰ হ'ব মহুৱা মৈত্ৰ

নেশ্যনেল ডেস্ক,২ নৱেম্বৰ : 'ধনৰ বিনিময়ত প্ৰশ্ন' গোচৰটোক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগে ৰাজনৈতিক মহলতো ব্যাপক উত্তেজনাৰ সৃষ্টি কৰিছে । বিজেপিৰ অভিযোগ আছিল যে তৃণমূলৰ সাংসদগৰাকীয়ে লোকসভাত প্ৰশ্ন কৰাৰ বাবে ধন লৈছিল । সেই অভিযোগৰ ভিত্তিত ইতিমধ্যে সংসদৰ নৈতিকতা সমিতিয়ে তদন্ত অব্যাহত ৰাখিছে । বৃহস্পতিবাৰে অভিযুক্ত তৃণমূলৰ সাংসদগৰাকী নৈতিকতা সমিতিৰ সন্মুখত হাজিৰ হ'ব ।

উল্লেখ্য যে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই মহুৱা মৈত্ৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । বিজেপি সাংসদজনে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক বিষয়টোৰ তদন্ত কৰিবলৈও আহ্বান জনাইছিল । তাৰ পাছতে বিষয়টো নৈতিকতা সমিতিলৈ প্ৰেৰণ কৰা হয় ।

ইয়াৰ পূৰ্বে, মৈত্ৰই মঙলবাৰে কৈছিল যে তেওঁ বৃহস্পতিবাৰে লোকসভাৰ নৈতিকতা সমিতিৰ সন্মুখত হাজিৰ হ'ব । ইয়াৰ লগতে, তেওঁ ব্যৱসায়ী দৰ্শন হিৰানন্দানীক নগদ ধনৰ বিনিময়ত প্ৰশ্নৰ গোচৰত পুনৰ সোধাপোছা কৰাৰ অনুমতি বিচাৰিছে । মহুৱাই নৈতিকতা সমিতিৰ সন্মুখত হাজিৰ হ'বলৈ ৫ নৱেম্বৰৰ পাছত এটা দিনৰ বাবে অনুৰোধ জনাইছিল কিন্তু সমিতিয়ে তেওঁৰ অনুৰোধ প্ৰত্যাখ্যান কৰে আৰু তেওঁক ২ নৱেম্বৰত হাজিৰ হ'বলৈ কয় ।

ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ নিশিকান্ত ডুবেই লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ এখন পত্ৰৰ জৰিয়তে মহুৱা মৈত্ৰৰ বিৰুদ্ধে তদন্তৰ বাবে আবেদন কৰিছিল । তেওঁ লগতে সাংসদ মৈত্ৰক লোকসভাৰ পৰা নিলম্বিত কৰিব লাগে বুলিও দাবী জনাইছিল । অভিযোগ অনুসৰি মৈত্ৰই সংসদত প্ৰায় ৬১ টা প্ৰশ্ন সুধিছিল আৰু তাৰ ভিতৰত ৫০ টা প্ৰশ্নই আদানি গ্ৰুপৰ ওপৰত আছিল ।

লগতে পঢ়ক :United Nations Resolution: ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত অনুপস্থিত ভাৰত; প্ৰশ্ন উত্থাপন চিপিআইএমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.