ETV Bharat / bharat

India Canada clashes : হিন্দুসকলক উদ্দেশ্যি ঘৃণামূলক মন্তব্য, কানাডাৰ বিৰোধী নেতাৰ তীব্ৰ গৰিহণা - opposition leader Pierre

শিখছ ফৰ জাষ্টিছৰ মুৰব্বী গুৰপতৱন্ত সিং পান্নুনে ভাৰতীয় মূলৰ হিন্দুসকলক ভাবুকি দিছে । কানাডাত হিন্দুসকলক আক্ৰমণ কৰাটো গ্ৰহণযোগ্য নহয় । দেশখনত হিন্দুসকলৰ যথেষ্ট সমাদৰ আছে ।

India Canada clashes
হিন্দুসকলক উদ্দেশ্যি ঘৃণামূলক মন্তব্য
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 5:13 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২৩ ছেপ্টেম্বৰ : শেহতীয়াকৈ ভাৰত আৰু কানাডাৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ যথেষ্ট অৱনতি হৈছে । ইয়াৰ মাজতে কানাডাত হিন্দুসকলক লক্ষ্য কৰি ঘৃণনীয় মন্তব্য কৰা দেখা গৈছে । ২০১৯ চনত ভাৰতত নিষিদ্ধ কৰা খালিস্তানী সংগঠন শিখছ ফৰ জাষ্টিছৰ মুৰব্বী গুৰপতৱন্ত সিং পান্নুনে এটা ভাইৰেল ভিডিঅ'ত ভাৰতীয় মূলৰ হিন্দুসকলক ভাবুকি দিয়াৰ লগতে তেওঁলোকক কানাডা এৰি যাবলৈ কৈছে । এই ভাইৰেল ভিডিঅ'টোৰ পাছতে কানাডাৰ বিৰোধী নেতা পিয়েৰ পয়লিয়েভৰে কানাডাত হিন্দুসকলক লক্ষ্য কৰি কৰা ঘৃণনীয় মন্তব্যক গৰিহণা দিছে । তেওঁ কয় যে হিন্দুসকলে কানাডাৰ প্ৰতিটো ক্ষেত্ৰলৈ যথেষ্ট অৱদান আগবঢ়াইছে আৰু হিন্দু সম্প্ৰদায়ক কানাডাত সদায় আদৰণি জনোৱা হয় । পয়লিয়েভৰে লগতে কয় যে প্ৰতিগৰাকী কানাডিয়ানে দেশখনত নিৰ্ভয়ে জীয়াই থকাৰ যোগ্য ।

এক্সৰ এটা পোষ্টত তেওঁ কয় যে প্ৰতিগৰাকী কানাডিয়ানে দেশখনত নিৰ্ভয়ে থাকিব বিচাৰে আৰু তেওঁলোকৰ সমাজত বিশেষ স্থান আছে । শেহতীয়া দিনবোৰত কানাডাত হিন্দুসকলক লক্ষ্য কৰি ঘৃণনীয় মন্তব্য কৰা দেখা গৈছে । যাৰ বাবে তেওঁ হিন্দু চুবুৰীয়া আৰু বন্ধুবৰ্গৰ বিৰুদ্ধে এই মন্তব্যবোৰক গৰিহণা দিয়ে ।

  • Every Canadian deserves to live without fear and feel welcomed in their community.

    In recent days, we have seen hateful comments targeting Hindus in Canada. Conservatives condemn these comments against our Hindu neighbours and friends. Hindus have made invaluable contributions…

    — Pierre Poilievre (@PierrePoilievre) September 22, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে, কানাডাৰ নিউ ডেম'ক্ৰেটিক পাৰ্টিৰ নেতা জগমিত সিঙে এক্সৰ জৰিয়তে কানাডাৰ সকলো হিন্দুক সম্বোধন কৰে । তেওঁ কয় যে এয়া হিন্দুসকলৰ ঘৰ আৰু তেওঁলোকে ইয়াত থাকিব পাৰে । দুয়োগৰাকী নেতাৰ এই প্ৰতিক্ৰিয়া দুয়োখন দেশৰ সম্পৰ্কৰ অৱনতি হোৱাৰ মাজতে আহিছে । ইফালে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে দাবী কৰিছে যে বহু সপ্তাহ পূৰ্বে খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যা সম্পৰ্কে বিশ্বাসযোগ্য অভিযোগ নতুন দিল্লীক অৱগত কৰা হৈছিল ।

উল্লেখ্য যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰিছিল যে হৰদীপ সিং নিজ্জাৰক হত্যাৰ আঁৰত ভাৰত আছিল । ভাৰতে ট্ৰুডোৰ অভিযোগ প্ৰত্যাখ্যান কৰে আৰু সেইবোৰ অযৌক্তিক বুলি অভিযোগ কৰে । আনহাতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় নাগৰিক, কানাডাৰ শিক্ষাৰ্থী আৰু কানাডা ভ্ৰমণৰ পৰিকল্পনা কৰা সকলক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে ।

লগতে পঢ়ক :Canada India row : নিজ্জাৰ হত্যাত ভাৰতীয় এজেণ্ট জড়িতৰ প্ৰমাণ ভাৰতৰ সৈতে শ্বেয়াৰ কৰা হৈছে- প্ৰধানমন্ত্ৰী জাষ্টিন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.