ETV Bharat / bharat

Primary teachers recruitments scam : আদালতে বাতিল কৰিলে ৩৬ হাজাৰ প্ৰাথমিক শিক্ষকৰ চাকৰি

author img

By

Published : May 13, 2023, 12:12 PM IST

প্ৰাথমিক শিক্ষকৰ নিযুক্তিত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে (Primary teachers recruitments scam)। কেলেংকাৰী গোচৰত গুৰুত্বপূৰ্ণ ৰায়দান আদালতৰ । ২০১৬ চনত নিযুক্তি পোৱা ৩৬ হাজাৰ শিক্ষকৰ চাকৰি বাতিল । ৩ মাহৰ ভিতৰত পুনৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ ।

Primary teachers recruitments scam
আদালতে বাতিল কৰিলে ৩৬ হাজাৰ প্ৰাথমিক শিক্ষকৰ চাকৰি

নেশ্যনেল ডেস্ক,১৩ মে': ৩৬ হাজাৰ প্ৰাথমিক শিক্ষকৰ চাকৰি বাতিল (Cancellation of 36k primary school recruitments)। উচ্চ ন্যায়ালয়ে নিযুক্তি প্ৰাপ্ত প্ৰাথমিক শিক্ষকৰ চাকৰি বাতিল কৰে । ২০১৪ চনৰ টেট পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক ২০১৬ চনত প্ৰাথমিক বিদ্যালয়সমূহত নিযুক্তি দিয়া হৈছিল । ২০১৪ চনৰ টেট পৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰি মুঠ ৪২,৯৪২ গৰাকী শিক্ষকক নিযুক্তি দিয়া হৈছিল ।

কিন্তু অভিযোগ উঠিছিল যে সেই নিযুক্তিত অনিয়ম সংঘটিত হৈছিল । প্ৰিয়ংকা নাস্কাৰ নামৰ এগৰাকী মহিলাৰ লগতে মুঠ ১৪০ গৰাকী লোকে এই নিযুক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । সেই গোচৰৰে শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে শিক্ষকসকলৰ নিযুক্তি বাতিল কৰে ।

আচলতে এই ঘটনা পশ্চিমবংগৰ । কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অভিজিত গঙ্গোপাধ্যায়ে শুক্ৰবাৰে এই নিৰ্দেশ দিয়ে । ন্যায়াধীশ গঙ্গোপাধ্যায়ে শুনানিৰ সময়ত শুকুৰবাৰে ২০১৬ চনত নিযুক্তি লাভ কৰা ৩৬,০০০ লোকৰ চাকৰি বাতিল কৰে (Calcutta High Court orders)। একে সময়তে, ন্যায়াধীশ গঙ্গোপাধ্যায়ে প্ৰাথমিক শিক্ষা পৰিষদক অহা ৩ মাহৰ ভিতৰত এক নতুন সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে । সাক্ষাৎকাৰসমূহ ভিডিঅ'গ্ৰাফী কৰিবলৈও নিৰ্দেশ দিয়ে আদালতে ।

আদালতে ঘোষণা কৰা মতে যিসকলৰ নিযুক্তি বাতিল কৰা হৈছে তেওঁলোকে আৰু ৪ মাহ কাম কৰিব পাৰিব । কিন্তু তেওঁলোকে সম্পূৰ্ণ দৰমহা নাপাব । তেওঁলোকে পেৰা শিক্ষকৰ দৰে একে দৰমহাৰ বাবে কাম কৰিব পাৰিব । একে সময়তে, তেওঁলোকে নতুন নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ সুযোগ পাব । যদি পুনৰ চাকৰিটোৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয় তেন্তে তেওঁ প্ৰশিক্ষণৰ উদ্দেশ্যে দুবছৰ পাব ।

গোচৰটোৰ ক্ষেত্ৰত আবেদনকাৰীসকলে দাবী কৰিছিল যে নিযুক্তিত কোনো দক্ষতা পৰীক্ষা কৰা হোৱা নাছিল (Primary teachers recruitments scam in West Bengal)। নিযুক্তিৰ সময়ত সংৰক্ষণৰ তালিকা গ্ৰহণ কৰা হোৱা নাছিল । এই ক্ষেত্ৰত, প্ৰাথমিক শিক্ষা পৰিষদৰ সচিবে এক শপতনামাত কৈছিল যে কোনো অতিৰিক্ত পেনেল প্ৰকাশ কৰা হোৱা নাই । নিয়ম অনুসৰি, ৫ শতাংশ অতিৰিক্ত পেনেলো সৃষ্টি কৰা হোৱা নাছিল ।

কোনো নিবিদা অবিহনে নিযুক্তিৰ কামৰ বাবে OMR প্ৰস্তুত কৰিবলৈ এছ. বসু ৰয় আৰু কোম্পানীক দায়িত্ব দিয়া হৈছিল । ইয়াৰ বাবে ১০ লাখ টকা আগতীয়াকৈ পৰিশোধ কৰা হৈছিল । ইফালে, প্ৰাথমিক শিক্ষা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ মানিক ভট্টাচাৰ্যৰ সময়ত এই নিযুক্তি দুৰ্নীতি সংঘটিত হয় । সেয়েহে, আদালতে নিৰ্দেশ দিয়ে যে প্ৰাথমিক শিক্ষা পৰিষদে যদি বিচাৰে তেন্তে তেওঁৰ পৰা সকলো নিযুক্তিৰ ব্যয় সংগ্ৰহ কৰিব পাৰে ।

লগতে পঢ়ক :Terror conspiracy: হায়দৰাবাদত ভয়ংকৰ কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.