ETV Bharat / bharat

১ ফেব্ৰুৱাৰীত নিৰ্মলা সীতাৰমণৰ অন্তৰ্ৱৰ্তীকালীন বাজেট - Rajya Sabha

Budget Session 2024 : সংসদৰ বাজেট অধিবেশন ৩১ জানুৱাৰীত আৰম্ভ হ'ব আৰু অন্তৰ্ৱৰ্তীকালীন বাজেট কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত উপস্থাপন কৰিব বুলি সূত্ৰত প্ৰকাশ ।

১ ফেব্ৰুৱাৰীত নিৰ্মলা সীতাৰমণৰ অন্তৰ্ৱৰ্তীকালীন বাজেট

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 2:46 PM IST

নিউজ ডেস্ক, ১১ জানুৱাৰী : ২০২৪ চনৰ সংসদৰ বাজেট অধিবেশন অহা ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব । আনহাতে, ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অন্তৰ্ৱৰ্তীকালীন বাজেট উপস্থাপন কৰিব । এক সূত্ৰত এই কথা প্ৰকাশ । সুত্ৰ মতে, দুয়োখন সদনৰ অধিবেশন ৯ ফেব্ৰুৱাৰীলৈকে চলিব ।

উল্লেখ্য যে ৰাজ্যসভাৰ শীতকালীন অধিবেশন যোৱা ২১ ডিচেম্বৰত অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হয় । সেই সময়ত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে দুখ প্ৰকাশ কৰি কয় যে বিৰোধীয়ে সদনৰ কাৰ্যক্ৰম ব্যাহত কৰাৰ বাবে নিৰ্ধাৰিত সময়ৰ প্ৰায় ২২ ঘণ্টা হেৰুৱাবলগা হয় ।

ধনখৰৰ মতে, সদনে এই সময়ছোৱাত 14 খন বৈঠকত 65 ঘণ্টাৰ বাবে কাম-কাজ চলায় । উক্ত সময়ছোৱাত কোষাগাৰ আৰু বিৰোধী পক্ষৰ পৰা 2,300-তকৈও অধিক প্ৰশ্ন সোধা হয় । ইয়াৰ উপৰি 4,300 খন কাগজ-পত্ৰ তালিকাভুক্ত কৰা হয় ।

আনহাতে, উচ্চ সদনত 46 জন সাংসদক 'উচ্ছৃংখল আচৰণ আৰু অসদাচৰণ'ৰ বাবে নিলম্বন কৰা হয় । লগতে উচ্চ সদনে জম্মু-কাশ্মীৰ সম্পৰ্কীয় বিধেয়ক, নিৰ্বাচন আয়ুক্ত নিযুক্তি, টেলিকম খণ্ড আৰু অপৰাধী ন্যায় ব্যৱস্থাকে ধৰি মুঠ 17 খন বিধেয়ক গৃহীত কৰে ।

একেদৰে লোকসভাও ২১ ডিচেম্বৰত স্থগিত ৰখা হয় । এই সময়ছোৱাত সদনৰ নিৰাপত্তা উলংঘন, ১৪০ জনতকৈ অধিক সাংসদক নিলম্বন আৰু তৃণমূল সাংসদ মহুৱা মৈত্ৰক 'ধনৰ বিনিময়ত প্ৰশ্ন' কেলেংকাৰীত বহিষ্কাৰ কৰা হয় ।

৪ ডিচেম্বৰত আৰম্ভ হোৱা শীতকালীন অধিবেশনত দুয়োখন সদন প্ৰথম সপ্তাহৰ বাবে শান্তিপূৰ্ণভাৱে চলা পৰিলক্ষিত হয়। কিন্তু ১৩ ডিচেম্বৰত সংঘটিত নিৰাপত্তা উলংঘনৰ বাবে সদন উত্তপ্ত হৈ পৰে । কাকতালীয়ভাৱে এই ঘটনাটো সংঘটিত হৈছিল ২০০১ চনৰ সংসদ আক্ৰমণৰ বাৰ্ষিকীৰ দিনা ।

দুজন ব্যক্তিয়ে লোকসভাৰ শূন্য ঘণ্টাৰ সময়ত দৰ্শক গেলেৰীৰ পৰা সংসদৰ নিম্ন সদনৰ চেম্বাৰত জঁপিয়াই পৰে আৰু কেনিষ্টাৰৰ পৰা হালধীয়া গেছ নিক্ষেপ কৰে । পিছত অৱশ্যে সদনত উপস্থিত থকা সদস্যসকলে তেওঁলোকক দমন কৰে । তাৰ পূৰ্বে দুয়োৱে চৰকাৰবিৰোধী শ্লোগান দিয় ।

আনহাতে, শীতকালীন অধিবেশনত লোকসভাই কিছু গুৰুত্বপূৰ্ণ বিধেয়কত অনুমোদন জনায় । ইয়াৰ ভিতৰত আছে ঔপনিৱেশিক যুগৰ আইন ভাৰতীয় দণ্ডবিধি (আইপিচি), ভাৰতীয় প্ৰমাণ আইন, অপৰাধ প্ৰক্ৰিয়া বিধি (চিআৰপিচি), টেলিগ্ৰাফ আইন আৰু গ্ৰন্থ পঞ্জীয়ন আইন ।

এই বিধেয়কসমূহ সদনত প্ৰায় বিৰোধীশূন্য অৱস্থাত ধ্বনি ভোটেৰে গৃহীত কৰা হয় । আনহাতে, ১০০ জন সাংসদক 'উচ্ছৃংখল' আচৰণ, কাৰ্যক্ৰম ব্যাহত কৰা আৰু প্লেকাৰ্ড দেখুওৱা আৰু নিৰাপত্তা উলংঘনৰ বিষয়টোত শ্লোগান দিয়াৰ বাবে লোকসভাৰ পৰা নিলম্বন কৰা হয় ।

লগতে পঢ়ক :ৰাম মন্দিৰৰ সিদ্ধান্তত পলম হোৱাটো বিচাৰিছিল মোদীয়ে; প্ৰধানমন্ত্ৰীক আক্ৰমণ সুব্ৰমণিয়ম স্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.