ETV Bharat / bharat

মুম্বাইত সমূহীয়া নামাজৰ সন্মতি নিদিলে উচ্চ ন্যায়ালয়ে - নাগৰিকৰ সুৰক্ষা

সমূহীয়া নামাজ অনুষ্ঠিত কৰিব নোৱাৰিব মুম্বাইৰ মছজিদত । নামাজৰ অনুমতি বিচাৰি জুমা মছজিদ ট্ৰাষ্টে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি বুধবাৰে ব'ম্বে উচ্চ ন্যায়ালয়ে প্ৰতি দিনে ৫ বাৰ সমূহীয়া নামাজ অনুষ্ঠিত কৰিব নোৱাৰিব বুলি ঘোষণা কৰে । ক'ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ সময়ত আবেদনকাৰীৰ অনুৰোধৰ প্ৰতি সমৰ্থন জনাব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে ন্যায়ালয়ে ।

মুম্বাইৰ মছজিদত সমূহীয়া নামাজৰ বাবে সন্মতি নিদিলে উচ্চ ন্যায়ালয়ে

author img

By

Published : Apr 14, 2021, 10:54 PM IST

নেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল: ৰমজানৰ পবিত্ৰ সময়ছোৱাত গুৰুত্বপূৰ্ণ ৰায় দান কৰে ব'ম্বে উচ্চ ন্যায়ালয়ে । দক্ষিণ মুম্বাইৰ এটা মছজিদত প্ৰতি দিনে ​৫ বাৰ সমূহীয়া নামাজ অনুষ্ঠিত কৰাৰ অনুমতি বিচাৰি জনোৱা আবদেনৰ প্ৰতি ব'ম্বে উচ্চ ন্যায়ালয়ে অসন্মতি প্ৰদৰ্শন কৰে । জুমা মছজিদ ট্ৰাষ্টে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়লয়ে কয় যে, কৰ'ণাসৃষ্ট ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে মছজিদত ​৫ বাৰ সমূহীয়া নামাজ অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিব নোৱাৰে ।

কিয়নো, এই সময়ত নাগৰিকৰ সুৰক্ষাৰ দিশটো অধিক গুৰুত্বপূৰ্ণ । ন্যায়াধীশ আৰ ডি ধনুকা আৰু ভি জি বিষ্টৰ বিচাৰপীঠে কয় যে, মহাৰাষ্ট্ৰ চৰকাৰে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ শৃংখলা ভাঙিবলৈ নিষেধাজ্ঞা আৰোপ কৰাটো সমীচিন বুলি বিবেচনা কৰিছে । ন্যায়ালয়ৰ মতে, ধৰ্মীয় নিয়ম-নীতি পালন কৰা অথবা ধৰ্মীয় অধিকাৰ সাব্যস্ত কৰাতকৈ নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাতো অধিক গুৰুত্বপূৰ্ণ ।

আবেদনকাৰীয়ে কৈছিল যে, মছজিদটো এক একৰ ভূমিত স্থাপন কৰা হৈছে বাবে যথেষ্ট মুকলি ঠাই আছে আৰু একে সময়তে প্ৰায় ৭,০০০ লোক একত্ৰিত হ'ব পাৰে । অৱশ্যে, ক'ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, ৰমজানৰ সময়ছোৱাত নামাজ পঢ়িবলৈ একে সময়তে মাত্ৰ ৫০ জন লোকক প্ৰৱেশৰ অনুমতি দিয়া হ'ব আৰু মহামাৰী সম্পৰ্কীয় সকলো স্বাস্থ্য বিধি মানি চলা হ'ব ।

মহাৰাষ্ট্ৰ চৰকাৰৰ হৈ উপস্থিত থকা অধিবক্তা জ্যোতি ছাৱনে এই আবেদনৰ বিৰোধিতা কৰে আৰু কয় যে মহাৰাষ্ট্ৰৰ পৰিস্থিতি উদ্বেগজনক । তেওঁ কয় যে, মহামাৰীৰ সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাৰ সময়ত চৰকাৰে কোনো ধৰণৰ হেমাহি নকৰে আৰু সকলো নাগৰিকে সহযোগিতা কৰা উচিত । আদালতে আবেদনখন খাৰিজ কৰাৰ সময়ত কয় যে, ন্যায়ালয়ে ক'ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ সময়ত আবেদনকাৰীৰ অনুৰোধৰ প্ৰতি সমৰ্থন জনাব নোৱাৰিব ।

লগতে আদালতে চৰকাৰৰ নিষেধাজ্ঞাৰ আদেশ জনস্বাৰ্থৰ খাতিৰত আৰু মহাৰাষ্ট্ৰৰ সকলো বাসিন্দাৰ সুৰক্ষাৰ বাবে দিয়া হৈছে বুলি কয় । মহামাৰীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰা বাবে অহা ১৫ দিনৰ বাবে ৰাজ্যজুৰি সকলো ধৰ্মীয় অনুষ্ঠান, শ্বপিং মল আদি বন্ধ থাকিব বুলি মঙলবাৰে মহাৰাষ্ট্ৰ চৰকাৰে ঘোষণা কৰিছিল । অত্যাৱশ্যকীয় সেৱাসমূহৰ পূৰ্বৰ দৰেই অব্যাহত থাকিব । এই নিষেধাজ্ঞাবোৰ বুধবাৰে নিশা 8 বজাৰ পৰা কাৰ্যকৰী হ'ব আৰু অহা ১ মে'ৰ পুৱা ৭ বজালৈকে কাৰ্যকৰী হৈ থাকিব ।

লগতে পঢ়ক: মিজোৰামত ক’ভিড-19 ৰ ভয়াৱহতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.