ETV Bharat / bharat

BJP MP Bidhuri Derogatory remarks : অপমানজনক মন্তব্য; বিশেষাধিকাৰ সমিতিৰ বৈঠকত অনুপস্থিত বিজেপি সাংসদ বিধুৰী

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 2:49 PM IST

বিৰোধীয়ে লোকসভাৰ বিশেষাধাৰ সমিতিক বিএছপিৰ সাংসদ দানিশ আলীৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য কৰাৰ বাবে বিজেপি সাংসদ ৰমেশ বিধুৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ তীব্ৰ আহ্বান জনাইছে । আনহাতে, বিধুৰীয়ে মঙলবাৰে বিশেষাধিকাৰ সমিতিৰ প্ৰথমখন বৈঠক এৰাই চলে ।

BJP MP Bidhuri Derogatory remarks
BJP MP Bidhuri Derogatory remarks

নিউজ ডেস্ক, ১০ অক্টোবৰ : অপমানজনক মন্তব্য বিতৰ্কত বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে মঙলবাৰে লোকসভাৰ বিশেষাধিকাৰ সমিতিৰ বৈঠকত উপস্থিত থকাৰ পৰা বিৰত থাকে । পূৰ্বৰ নিৰ্ধাৰিত ব্যস্ততাৰ বাবে তেওঁ এই বৈঠকত উপস্থিত থকাৰ অক্ষমতাৰ কথা উল্লেখ কৰে বিধুৰীয়ে । উল্লেখ্য যে লোকসভাৰ সদস্য ৰমেশ বিধুৰী আৰু বহুজন সমাজ পাৰ্টীৰ সাংসদ দানিশ আলীক লৈ চলি থকা বিতৰ্কত কেইবাজনো সদস্যৰ অভিযোগ বিবেচনা কৰাৰ বাবে মঙলবাৰে বিশেষাধিকাৰ পেনেলৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় ।

আনহাতে, বিৰোধী দলবোৰে সদনৰ পৰা তেওঁক নিলম্বনৰ বাবে শক্তিশালী প্ৰচেষ্টা কৰাৰ পিছত সমিতিখনে বিধুৰীৰ ভাষ্য শুনিব বুলি আশা কৰা হৈছে । লোকসভাৰ ভিতৰত দানিশ আলীৰ বিৰুদ্ধে অপমানজনক শব্দ ব্যৱহাৰ কৰাৰ অভিযোগত পেনেলে বিধুৰীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ লাভ কৰিছিল । ইছৰোৰ চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ সন্দৰ্ভত সদনত এক আলোচনাৰ সময়ত 'সাম্প্ৰদায়িক' মন্তব্যৰ ব্যৱহাৰৰ বাবে বিজেপি সাংসদগৰাকীক তীব্ৰ সমালোচনা কৰা হৈছিল ।

এই ক্ষেত্ৰত বিৰোধী দলবোৰে তেওঁক তীব্ৰ আক্ৰমণ কৰে আৰু বিজেপিক সমালোচনাৰে থকাসৰকা কৰে । কিন্তু কেন্দ্ৰৰ শাসকীয় দলটোৱে তেওঁক শাস্তি প্ৰদানৰ পৰিৱৰ্তে 'ভুল' কৰা সাংসদগৰাকীক সুৰক্ষা প্ৰদানৰ বাবেহে উঠি-পৰি লগাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

আনহাতে, ভাৰতীয় জনতা পাৰ্টীয়েও বিএছপিৰ সাংসদ দানিশ আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি কয় যে তেৱোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছে । গেৰুৱা দলটোৱে এই কথা দৃঢ়তাৰে কয় যে দানিশ আলীৰ এই উচটনিৰ ফলত লোকসভাৰ ভিতৰত বিধুৰীয়ে উক্ত মন্তব্য কৰিবলগা হৈছিল ।

লগতে পঢ়ক :Israel Palestine Conflict: পেলেষ্টাইনী জনসাধাৰণৰ অধিকাৰৰ প্ৰতি পুনৰবাৰ সমৰ্থন প্ৰকাশ কৰিছে কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.