নেশ্যনেল ডেস্ক, 4 জুলাই : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে লাডাখৰ নিমু অঞ্চলত সিন্ধু দৰ্শন পূজাত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, শুকুৰবাৰৰ দিনা মোডীয়ে লাডাখত আকস্মিক ভ্ৰমণ কৰে আৰু চীন-ভাৰতৰ সীমান্ত বিবাদ সম্পৰ্কত সৈন্য বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে গভীৰ আলোচনা কৰে ৷
প্ৰধানমন্ত্ৰীৰ সৈতে এই ভ্ৰমণত উপস্থিত থাকে চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট আৰু সেনা প্ৰধান মনোজ মুকুন্দ নৰাৱনে ৷ শুকুৰবাৰে পুৱাৰ ভাগতে নিমুত উপস্থিত হৈ স্থল সেনা, বায়ু সেনা আৰু ITBP জোৱানৰ সৈতে আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী মোডী ৷
লগতে পঢ়ক : COVID-19: ৪৭ গৰাকী CISFৰ কৰ্মীয়ে দান কৰিলে প্লাজমা