নেশ্যনেল ডেক্স, 14 আগষ্টঃ 1992 চনৰ বৈদেশিক সেৱা বিষয়া বিক্ৰম কুমাৰ দোৰাইস্বামীক বাংলাদেশলৈ ভাৰতৰ উচ্চ আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰিছে ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে ৷ সম্প্ৰতি তেখেত ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ অতিৰিক্ত সচিব হিচাপে কৰ্মৰত হৈ আছে ৷ ঢাকাত ৰিভা গাংগুলি দাসৰ ঠাইত অতি শীঘ্ৰে কাৰ্যভাৰ গ্ৰহণ কৰিব দোৰাইস্বামীয়ে ৷
ইয়াৰ পূৰ্বে তেখেতে কোৰিয়া আৰু উজবেকিস্তানত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত হৈ আছিল ৷ তেখেতে 1992 চনত ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰিছিল ৷ আনহাতে, চৰকাৰী সেৱাত যোগদানৰ পূৰ্বে তেখেত সাংবাদিক হিচাপেও কৰ্মৰত আছিল ৷
লগতে পঢ়ক-আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধানৰ জ্যেষ্ঠ নাগৰিকৰ সৈতে মত বিনিময়