নিউজ ডেস্ক, 4 মাৰ্চঃ চীনৰ পৰা ঘূৰি অহা উত্তৰ প্ৰদেশৰ এহাল দম্পতিক কৰ'ণা ভাইৰাছৰ সন্দেহত ভৰ্তি কৰা হয় উৰিষ্যাৰ এখন হাস্পতালত ৷ জানিব পৰা মতে, উৰিষ্যাৰ কটকৰ এচ.চি.বি মেডিকেল কলেজত ভৰ্ত্তি উত্তৰ প্ৰদেশৰ দম্পতিহালক ৷ 15 ফেব্ৰুৱাৰীত এখন কাৰ্গো জাহাজত উত্তৰ প্ৰদেশৰ দম্পতিহালে মুঠ 23 গৰাকী কৰ্মচাৰীৰ সৈতে চীনৰ পৰা আহি হংকং আৰু ছিংগাপুৰ হৈ 1 মাৰ্চত পাৰাদ্বীপ বন্দৰত উপস্থিত হৈছিল ৷
ইয়াৰ মাজতে জ্বৰত আক্ৰান্ত হৈ আছিল জাহাজখনৰ এগৰাকী কৰ্মচাৰী ৷ অৱশ্যে এই জ্বৰৰ কাৰণ বিভিন্ন হ'ব পাৰে ৷ সুৰক্ষাজনিত কাৰণত ব্যক্তিগৰাকীক পৃথকে ৰখাৰ লগতে ভাৰতীয় দম্পতিহালক স্থানান্তৰিত কৰা হয় এচ.চি.বি মেডিকেললৈ ৷
ইফালে COVID-19ৰ দৰে ডাঙৰ বিপদৰ আশংকাত মঙলবাৰে এক বিশেষ ঘোষণা কৰে তেলেংগানাৰ স্বাস্থ্য মন্ত্ৰী ইৰ্টেলা ৰাজেন্দ্ৰই ৷ ইৰ্টেলা ৰাজেন্দ্ৰই মঙলবাৰে কয় যে, ৰাজ্যখনত কৰ'ণা ভাইৰাছৰ দৰে মাৰাত্মক ভাইৰাছৰ সৈতে যুঁজ দিবৰ বাবে আৱন্টন দিছে 100 কোটি টকাৰ বাজেট ৷ লগতে সকলোকে কৰ'ণা ভাইৰাছৰ আশংকাত ভয় নাখাবলৈ অনুৰোধ কৰিছে তেলেংগানা চৰকাৰে ৷
লগতে পঢ়কঃগো-মূত্ৰৰে কেঞ্চাৰ আৰু কৰ'ণা ভাইৰাচ প্ৰতিকাৰৰ উপায় দিলে সুমন হৰিপ্ৰিয়াই