ETV Bharat / bharat

হায়দৰাবাদত প্ৰেয়সী সহ নাইজেৰিয়াৰ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ - 104 গ্ৰাম কোকেইন উদ্ধাৰ

দেওবাৰে হায়দৰাবাদৰ আবকাৰী বিষয়াই নাইজেৰিয়াৰ এজনৰ যুৱকৰ লগতে তেওঁৰ প্ৰেয়সীক গ্ৰেপ্তাৰ কৰে আৰু 104 গ্ৰাম কোকেইন উদ্ধাৰ কৰে ৷

হায়দৰাবাদত প্ৰেয়সী সহ নাইজেৰিয়াৰ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

author img

By

Published : Jul 20, 2020, 3:46 AM IST

নিউজ ডেস্ক, 20 জুলাইঃ দুগৰাকী নাইজেৰিয়ান নাগৰিকক হায়দৰাবাদত দেওবাৰে গ্ৰেপ্তাৰ কৰা হয় ৷ হায়দৰাবাদৰ তাৰনাকা অঞ্চলৰ পৰা ড্ৰাগছ সৰবৰাহৰ অভিযোগত দুয়োকে গ্ৰেপ্তাৰ কৰে ৷

গ্ৰেপ্তাৰ হোৱা দুয়োজনৰে পৰা 104 গ্ৰাম কোকেইন, নগদ 1.64 লাখ টকা আৰু এখন বাইক জব্দ কৰে ৷ গ্ৰেপ্তাৰ হোৱা দুজনৰ এজন জাদি পাছকেল (35) আৰু তেওঁৰ প্ৰেয়সী এবৰে মনিকা(30) বুলি চিনাক্ত কৰিব পৰা গৈছে ৷

বিশেষ তথ্যৰ ভিত্তিত, আৱকাৰী বিভাগৰ লগতে এনফোর্সমেন্ট বিভাগৰ বিষয়াই তাৰনাকা অঞ্চলটোত অভিযান চলায় দুয়োকে গ্ৰেপ্তাৰ কৰে ৷

এগৰাকী জেষ্ঠ্য আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি দুয়োৰে পৰা এটা বেগ উদ্ধাৰ কৰা হয় আৰু বেগটোৰ পৰাই কোকেইন আৰু ধনৰাশি উদ্ধাৰ কৰা হয় ৷

আৰক্ষীয়ে দুয়োকে নিৰ্দিষ্ট আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি দুয়োকে মুচিৰাবাদ এক্সাইছ আৰক্ষী থানালৈ লৈ যায় ৷

লগতে পঢ়কঃ ৰাজস্থান ৰাজনীতি: বিজেপিয়ে বিচাৰিলে অডিঅ' টেপ বিতৰ্কৰ চিবিআই তদন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.