ETV Bharat / bharat

অতি শীঘ্ৰে কৃষিমন্ত্ৰী টোমৰে প্ৰতিবাদী কৃষকক লগ কৰাৰ সম্ভাৱনা আছেঃঅমিত শ্বাহ

author img

By

Published : Dec 21, 2020, 8:08 AM IST

নতুন কৃষি আইন বাতিলৰ দাবীৰে ৰাষ্ট্ৰৰ ৰাজধানীৰ সীমাত অৱস্থান কৰি প্ৰতিবাদত বহা কৃষকসকলক কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিঙ টোমৰে লগ কৰাৰ সম্ভাৱনা ৷ দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কথা সদৰী কৰে ৷ শ্বাহে কয় যে কেন্দ্ৰীয় কৃষি মন্ত্ৰী গৰাকীয়ে দুই এদিনৰ ভিতৰতে প্ৰতিবাদী কৃষক সংগঠনসমূহক লগ কৰাৰ সম্ভাৱনা আছে ৷

tomar may meet protesting farmers
নতুন কৃষি আইন বাতিলৰ দাবী

নেচনেল ডেস্ক,21 ডিচেম্বৰ: কেন্দ্ৰীয় চৰকাৰক তিনি নতুন কৃষি আইন বাতিলৰ দাবীৰে দিল্লীৰ সীমাত অৱস্থান কৰি কৃষকে চলাই যোৱা বিদ্ৰোহ অব্যাহত আছে ৷ কৃষকৰ এই বিদ্ৰোহে ইতিমধ্যে 25 দিন পাৰ কৰিছে কিন্তু এতিয়াও কৃষক আৰু চৰকাৰ এক পাৰস্পৰিক বুজাপৰাৰ মাধ্যমেৰে কোনো পূৰ্ণ সিদ্ধান্তত উপনীত হ'ব পৰা নাই ৷

কৃষক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ এই অচলাৱস্থা অব্যাহত থকাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিবাদী কৃষক সকলক কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিঙ টোমৰে লগ কৰাৰ সম্ভাৱনাৰ বিষয়ে সদৰী কৰে ৷ দেওবাৰে এই কথা সদৰী কৰি শ্বাহে কয় যে দুই এদিনৰ ভিতৰতে প্ৰতিবাদী কৃষক সংগঠন সমূহক টোমৰে লগ কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক:আন্দোলনৰ পৰা উভতি আহি বিহপান কৰি আত্মহত্যা কৃষকৰ

উল্লেখ্য যে চৰকাৰ তথা প্ৰতিবাদী কৃষক সংগঠন সমূহৰ মাজত ইতিমধ্যে কেইবালানি আলোচনা অনুষ্ঠিত হৈছে যদিও কোনো এটা আলোচনাই সফল হোৱা নাই ৷ শ্বাহে কয় যে,"মই সঠিক সময়ৰ বিষয়ে ক'ব নোৱাৰিম কিন্তু কৃষকৰ দাবী সমূহৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে দুই এদিনৰ ভিতৰতে টোমৰে কৃষকৰ প্ৰতিনিধি সকলক লগ কৰিব ৷"

নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে বলৱৎ কৰা তিনি নতুন কৃষি আইন বাতিলৰ দাবীৰে এতিয়াও হাজাৰৰো অধিক কৃষকে দিল্লী সীমাত অৱস্থান কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:ভূমি বিবাদ নিষ্পত্তিৰ বাবে যোগী চৰকাৰে আনিছে "বিৰাচট "যোজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.