ETV Bharat / bharat

তৃণমূল কংগ্ৰেছৰ কৰ্মীক হত্যাঃ বিজেপি নেতালৈ সন্দেহৰ আঙুলি - বিজেপি নেতা

অভিযোগ অনুসৰি আজহাৰ আলী নামৰ এগৰাকী বিজেপি নেতাই তেওঁৰ সহযোগীৰ সৈতে আজিজাৰ ৰহমানক হত্যা কৰে ৷

তৃণমূল কংগ্ৰেছৰ কৰ্মীক হত্যা
author img

By

Published : Jun 6, 2019, 10:25 AM IST

নিউজ ডেস্ক , 06 জুন: বুধবাৰে কোচ-বিহাৰত আজিজাৰ ৰহমান নামৰ এজন তৃণমূল কংগ্ৰেছৰ কৰ্মীক কোনো দুৰ্বৃত্তই হত্যা কৰে ৷ বিজেপি নেতা এজনে তেওঁৰ সহযোগীৰ সৈতে এই হত্যাকাণ্ড সংঘটিত কৰে বুলি স্থানীয় তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে অভিযোগ উত্থাপন কৰিছে ৷

অভিযোগ অনুসৰি আজহাৰ আলী নামৰ এগৰাকী বিজেপি নেতাই তেওঁৰ সহযোগীৰ সৈতে আজিজাৰ ৰহমানক হত্যা কৰে ৷ অৱশ্যে বিজেপিয়ে এই অভিযোগ নস্যাৎ কৰি , ব্যক্তিগত কাৰণতহে এই হত্যাকাণ্ড সংঘটিত হয় বুলি মন্তব্য কৰে ৷ কোচ বিহাৰৰ সাংসদ নিশিথ প্ৰামানিকে আজিজাৰ ৰেহমানক ব্যক্তিগত কাৰণত হত্যা কৰা হৈছে বুলি মন্তব্য কৰে আৰু তৃণমূল কংগ্ৰেছে এই সমগ্ৰ ঘটনাটোক ৰাজনৈতিক কৰিব বিচাৰিছে বুলি উল্লেখ কৰে ৷ হত্যাকাণ্ডটো ব্যক্তিগত কাৰণত হৈছে আৰু এই হত্যাকাণ্ডত বিজেপিৰ কোনো ভূমিকা নাই বুলি মৃতকৰ পৰিয়ালৰ লোকে মন্তব্য কৰাৰ কথা কোচ বিহাৰ সাংসদ গৰাকীয়ে উল্লেখ কৰে ৷ উল্লেখ্য যে, দুদিন পূৰ্বে উত্তৰ কলকাতাৰ ডমডম এলেকাত তিনিজন বাইক আৰোহীয়ে তৃণমূল কংগ্ৰেছৰ নেতা নিৰ্মল কুণ্ডোক গুলীয়াই হত্যা কৰিছিল ৷ এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷

TMC worker killed un Cooch Behat , party leader blames BJP

তৃণমূল কংগ্ৰেছৰ নেতাক হত্যাঃ বিজেপি নেতা জড়িত থকাৰ অভিযোগ

অভিযোগ অনুসৰি আজহাৰ আলি নামৰ এগৰাকী বিজেপি নেতায়ে তেওঁৰ সহযোগীৰ স'তে আজিজাৰ ৰেহমানক হত্যা কৰে ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.