ETV Bharat / bharat

অ-বিজেপি মুখ্যমন্ত্ৰী সকলে কেব-এন আৰ চিক লৈ স্থিতি স্পষ্ট কৰক: প্ৰশান্ত কিশোৰ - অসংবিধানিক কেব আৰু এন আৰ চিক লৈ জে ডি ইউ নেতা প্ৰশান্ত কিশোৰৰ টুইট

অসংবিধানিক কেব আৰু এন আৰ চিক লৈ জে ডি ইউ নেতা প্ৰশান্ত কিশোৰৰ টুইট ৷ অ-বিজেপি মুখ্যমন্ত্ৰী সকলক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান ৷ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পাছত আইনত পৰিণত হ'ল কেব ৷

অ-বিজেপি মুখ্যমন্ত্ৰী সকলে কেব-এন আৰ চিক লৈ স্থিতি স্পষ্ট কৰক: প্ৰশান্ত কিশোৰ

author img

By

Published : Dec 13, 2019, 1:37 PM IST

নিউজ ডেস্ক, 13 ডিচেম্বৰ: ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পাছতে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ লগে লগে আইনত পৰিণত হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক, 2019 ৷ ইয়াৰ মাজতে অসমত অব্যাহত আছে কেব বাতিলৰ দাবীত অগ্নিগৰ্ভা পৰিস্থিতি ৷ শেহতীয়াকৈ কেব আৰু এ‘ আৰ চি সন্দৰ্ভত মুখ খুলিছে জে ডি ইউ নেতা প্ৰশান্ত কিশোৰে ৷ বৃহস্পতিবাৰে এক টুইট যোগে দেশৰ ৰাজ্য সমূহৰ অ-বিজেপি মুখ্যমন্ত্ৰী সকলক কেব আৰু এন আৰ চিক লৈ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনালে নেতাজনে ৷ টুইট যোগে প্ৰশান্ত কিশোৰে কয়, "কেবক লৈ সদনত ইতিমধ্যে সংখ্যাগৰিষ্ঠতা প্ৰকাশ পাইছে ৷ এই বিধেয়ক এতিয়া ন্যায়ব্যৱস্থাৰো উৰ্দ্ধত ৷ এতিয়া ভাৰতবৰ্ষৰ আত্মা ৰক্ষাৰ দায়িত্ব দেশৰ 16 জনকৈ অ-বিজেপি মুখ্যমন্ত্ৰীৰ ৷ পাঞ্জাৱ,কেৰালা,আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ স্থিতি স্পষ্ট কৰিছে ৷ মই বাকীসকলক তেওঁলোকৰ স্থিতি স্পষ্ট কৰিবলৈ অনুৰোধ জনাইছো ৷

  • The majority prevailed in Parliament. Now beyond judiciary, the task of saving the soul of India is on 16 Non-BJP CMs as it is the states who have to operationalise these acts.

    3 CMs (Punjab/Kerala/WB) have said NO to #CAB and #NRC. Time for others to make their stand clear.

    — Prashant Kishor (@PrashantKishor) December 13, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখযোগ্য যে,ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পাছত কেব বৰ্তমান নাগৰিকত্ব সংশোধনী আইনত পৰিণত হৈছে ৷ যাৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ,পাকিস্তান আৰু আফগানিস্তাৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ 31 ডিচেম্বৰ, 2014ৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা হিন্দু, খ্ৰীষ্টান,জৈন,শিখ,বৌদ্ধ আৰু পাৰ্চী লোকসকলক ভাৰতবৰ্ষত অনুপ্ৰৱেশকাৰী হিচাপে গণ্য কৰা নহ'ব ৷ এই আইনখন নাগৰিকত্ব আইন,1955,পাছপৰ্ট আইন,1920,আৰু বিদেশী আইন,1946 চনৰ শেহতীয়া সংশোধন ৷

আৰু পঢ়ক: ৰহাত প্ৰতিবাদকাৰীলৈ গুলীচালনাঃ আহত তিনিজন

Intro:Body:

https://www.aninews.in/news/national/politics/time-for-non-bjp-cms-to-make-their-stand-clear-on-cab-nrc-prashant-kishor20191213093558/

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.