ETV Bharat / bharat

তামিলনাডুত ভয়াৱহ পথ দুৰ্ঘটনাঃ নিহত 20

author img

By

Published : Feb 20, 2020, 8:27 AM IST

Updated : Feb 20, 2020, 9:54 AM IST

কেৰালাৰ পৰা বাংগালুৰু হৈ এৰ্ণাকুলমমুখী কৰ্ণাটক পৰিবহন নিগমৰ এখন ভ'লভো বাছ আৰু ট্ৰাকৰ মুখামুখী সংঘৰ্ষত বাছৰ পৰিচালকৰ লগতে 20 জনকৈ যাত্ৰী নিহত হয় ৷

তামিলনাডুত ভয়াৱহ পথ দুৰ্ঘটনা
তামিলনাডুত ভয়াৱহ পথ দুৰ্ঘটনা

তামিলনাডু, 20 ফেব্ৰুৱাৰীঃ তামিলনাডুৰ অবিনাশীস্থিত তিৰুপ্পোৰত বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় 3 বজাত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা ৷ কেৰালাৰ পৰা বাংগালুৰু হৈ এৰ্ণাকুলমমুখী কৰ্ণাটক পৰিবহন নিগমৰ এখন ভ'লভো বাছ আৰু ট্ৰাকৰ মুখামুখী সংঘৰ্ষত বাছৰ পৰিচালকৰ লগতে 20 জনকৈ যাত্ৰী নিহত হয় ৷ লগতে আহত হয় প্ৰায় 31 জন লোক ৷ বাছত যাত্ৰীৰ সংখ্যা আছিল প্ৰায় 48 জন ৷ ট্ৰাক চালকজনে গাড়ী চলাই থকা সময়তে টোপনি অহাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ 31 জনকৈ আহত লোকক ইতিমধ্যে তিৰুপ্পোৰ আৰু কইম্বাতোৰ মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হৈছে ৷ ইয়াৰোপৰি 20 জন লোকৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ অনা হৈছে ৷

তামিলনাডুত ভয়াৱহ পথ দুৰ্ঘটনা

লগতে পঢ়কঃ যুৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তিঃ পৰিত্ৰাণ কেনেকৈ ?

Last Updated : Feb 20, 2020, 9:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.