ETV Bharat / bharat

78 টন Covid-সাহাৰ্য সামগ্ৰী ভাৰতলৈ প্ৰেৰণ কৰিব ছিংগাপুৰে

78 টন Covid-সাহাৰ্য সামগ্ৰী ভাৰতলৈ প্ৰেৰণ কৰিব ছিংগাপুৰে ৷ দুখন এয়াৰ ইণ্ডিয়া আৰু ব্লু ডাৰ্ট বিমানেৰে এই সামগ্ৰী প্ৰেৰণ কৰা হ'ব ৷

এয়াৰ ইণ্ডিয়া আৰু ব্লু ডাৰ্ট বিমান
78 টন Covid-সাহাৰ্য সামগ্ৰী ভাৰতলৈ প্ৰেৰণ কৰিব ছিংগাপুৰে
author img

By

Published : Apr 26, 2020, 9:36 PM IST

নেশ্য়নেল ডেস্ক, 26 এপ্ৰিল : দেওবাৰে ভাৰতীয় উচ্চায়ুক্তই জানিবলৈ দিয়ে যে, ছিংগাপুৰস্থিত এক কোম্পানীয়ে ভাৰতলৈ প্ৰেৰণ কৰিব প্ৰায় 78 টন Covid-সাহাৰ্য সামগ্ৰী ৷ দুখন এয়াৰ ইণ্ডিয়া আৰু ব্লু ডাৰ্ট বিমানেৰে এই সামগ্ৰীখিনি ছিংগাপুৰৰ পৰা প্ৰেৰণ কৰা হ'ব ৷

নগৰ বিমান মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে 15 এপ্ৰিলত কৈছিল যে, ঘৰুৱা কাৰ্গো অপাৰেটৰ, স্পাইছজেট, ব্লু ডাৰ্ট আৰু ইণ্ডিগোই ব্যৱসায়িক ভিত্তিত কাৰ্গো বিমানৰ চলাচল কৰিছে ৷ ইয়াৰোপৰি, লাইফলাইন উড়ান কাৰ্গোৰ চলাচলো কৰিছে স্পাইছজেট, ব্লু ডাৰ্ট আৰু ইণ্ডিগোই ৷

মন্ত্ৰীগৰাকীয়ে কয়, "স্পাইছ জেটে 230 খন বিমানেৰে 2765 টন, ব্লু ডাৰ্টে 108 খন বিমানেৰে 1709 টন আৰু ইণ্ডিগোই 25 খন বিমানেৰে 21.77 টন সামগ্ৰী কঢ়িয়াইছে ৷ লাইফলাইন বিমানসমূহৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে কৰ'ণা ভাইৰাছৰ বাবে বিভিন্ন দেশক সাহাৰ্য সেৱা আগবঢ়াইছে ৷"

লকডাউনৰ সময়ছোৱাত কাৰ্গো বিমানে প্ৰায় 240 টন সামগ্ৰী কঢ়িয়াইছে ৷ ইয়াৰোপৰি, লাইফলাইন উড়ানে 161 বিমানৰ চলাচল কৰাৰ লগতে 1,41,080 কিলমিটাৰ ভ্ৰমণ সমাপ্ত কৰিছে ৷ ইয়াৰে 99 খন এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰ আৰু 54 খন ভাৰতীয় বায়ু সেনাৰ বিমান বুলি জানিবলৈ দিয়ে পুৰীয়ে ৷

উল্লেখ্য যে, যোৱা 24 ঘন্টাত ভাৰতত 1,990 লোক নতুনকৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ ফলত আক্ৰান্তৰ সংখ্যা 26,496 লৈ বৃদ্ধি পাইছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.