ETV Bharat / bharat

অন্ধপ্ৰদেশত পথ দুৰ্ঘটনাত ৭ জন লোক নিহত

author img

By

Published : Jun 17, 2020, 8:14 PM IST

যাত্ৰী কঢ়িয়াই নিয়া এখন ট্ৰেক্তৰ আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত অন্ধ্ৰপ্ৰদেশত শিশুসহ ৭ জন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় আন কেইবাজনো লোক। ইতিমধ্যে আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

অন্ধপ্ৰদেশত পথ দুৰ্ঘটনা
Seven killed after tractor collides with lorry in Andhra's Krishna district

নিউজ ডেস্ক, ১৭ জুনঃ অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণ জিলাত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনাৰ ঘটনা। এই দুৰ্ঘটনাত ২ টা শিশুসহ মুঠ ৭ জন লোকৰ মৃত্যু হয়। যাত্ৰী কঢ়িয়াই নিয়া এখন ট্ৰেক্তৰ আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত নিহত হয় আটাইকেইজন।

Seven killed after tractor collides with lorry in Andhra's Krishna district
অন্ধপ্ৰদেশত পথ দুৰ্ঘটনাত ৭ জন লোক নিহত

চিল্লাকাল্লু আৰক্ষী থানাৰ উপ-পৰিদৰ্শকে উল্লেখ কৰা অনুসৰি দুৰ্ঘটনাৰ সময়ত ট্ৰেক্তৰখনত আছিল ২৬ জনকৈ লোক। এই লোকসকলৰ ভিতৰত ৭ জন নিহত হোৱাৰ বিপৰীতে আন কেইবাগৰাকী লোক আহত হয়। আহত লোকসকলৰ ইতিমধ্যে সমীপত থকা হাস্পতালত ভৰ্তি কৰোৱা হয়। ট্ৰেক্তৰেৰে অন্ধ্ৰপ্ৰদেশস্থিত লক্ষ্মী নৰসিংহ স্বামী মন্দিৰলৈ গৈ থকা অৱস্থাতে ট্ৰেক্তৰখন দুৰ্ঘটনাত পতিত হয় বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ ডিমা হাছাওৰ 5 খন চৰকাৰী বিদ্যালয় বন্ধ কৰা নহয় : দেৱলাল গাৰ্লচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.