ETV Bharat / bharat

অনুচ্ছেদ ৩৭০ৰ লগতে কাশ্মীৰ সমস্যাৰ বাবে মাত মাতি যাম: মেহবুবা মুফটি

author img

By

Published : Oct 14, 2020, 1:40 PM IST

Updated : Oct 15, 2020, 7:34 PM IST

জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিক মঙ্গলবাৰে আবেলি মুকলি কৰি দিয়া হয় । মুকলি হৈয়ে অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাটো অনৈচ্ছিক আৰু অগণতান্ত্ৰিক আখ্যা দিয়ে মুফটিয়ে ।

Mehbooba Mufti
Mehbooba Mufti

নিউজ ডেস্ক, ১৪ অক্টোবৰ : ১৪ মাহৰ অন্তত বন্দীত্বৰ পৰা মুক্ত হয় জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটি । বন্দীত্বৰ পৰা মুকলি হৈয়ে অনুচ্ছেদ ৩৭০ আৰু কাশ্মীৰ সমস্যাক লৈ সৰৱ হৈ পৰে মুফটি । ২০১৯ৰ ৫ আগষ্টত কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্ত দিন ডকাইতি বুলি কয় মুফটিয়ে ।

আমাৰ পৰা অনৈতিকভাৱে,অসাংবিধানিকভাৱে আৰু অগণতান্ত্ৰিকভাৱে ৫ আগষ্টত আমাৰ পৰা কাঢ়ি নিয়া অধিকাৰ ঘুৰাই অনাৰ বাবে আমি সকলোৱে শপত লৈ কাশ্মীৰ সমস্যাৰ সমাধান কৰাৰ চেষ্টা কৰিব লাগিব তাৰ বাবে বহুতেই নিজৰ প্ৰাণ আহুতি দিছিল । টুইটাৰত এইদৰে মন্তব্য কৰে মুফটিয়ে । এয়া সহজ নহয় যদিও আমি সকলোৱে শপত লৈ ইয়াক আগবঢ়াই নিব পাৰিম বুলি মন্তব্য কৰে মুফটিয়ে । ইয়াৰ উপৰিও বিভিন্ন জেলত বন্দী হৈ থকা কাশ্মীৰী লোকসকলক মুকলি কৰি দিয়াৰ বাবেও দাবী কৰে মুফটিয়ে ।

অনুচ্ছেদ ৩৭০ৰ লগতে কাশ্মীৰ সমস্যাৰ বাবে মাত মাতি যাম: মেহবুবা মুফটি
অনুচ্ছেদ ৩৭০ৰ লগতে কাশ্মীৰ সমস্যাৰ বাবে মাত মাতি যাম: মেহবুবা মুফটি

জম্মু কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যদা বাতিলৰ পিছত ৰাজহুৱা সুৰক্ষা আইনৰ অধীনত এবছৰ ধৰি জেইলত আছিল মুফটি । কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ প্ৰশাসনে মুফটিৰ ওপৰত থকা অভিযোগ বাতিলৰ পিছত মঙ্গলবাৰে নিশা পিডিপি প্ৰধান গৰাকীক মুকলি কৰি দিয়ে । উচ্চতম ন্যায়ালয়ত বিষয়টোৰ শুনাণিৰ দুদিন আগতেই মুফটিক মুকলি কৰি দিয়া হয় ।

Last Updated : Oct 15, 2020, 7:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.