ETV Bharat / bharat

পালঘৰ গণহত্যা : আৰক্ষীক স্থিতি অৱগত কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ - জনস্বাৰ্থজনিত আবেদন

পালঘৰ গণহত্যা সন্দৰ্ভত আৰক্ষীক স্থিতি অৱগত কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ ৷ 4 সপ্তাহৰ পাচত পুনৰ গ্ৰহণ কৰা হ'ব ঘটনাৰ শুনানি ৷

পালঘৰ গণহত্যা
উচ্চতম ন্যায়ালয়
author img

By

Published : May 1, 2020, 8:04 PM IST

নেশ্যনেল ডেস্ক, 1 মে' : শুকুৰবাৰে মহাৰাষ্ট্ৰ চৰকাৰক পালঘৰ গণহত্যা কাণ্ডৰ তদন্ত সম্পৰ্কত স্থিতি অৱগত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্য়ায়ালয়ে ৷ এই নিৰ্দেশৰ পাচতে 4 সপ্তাহৰ অন্তত পুনৰ ঘটনাৰ শুনানি গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ন্যায়ালয়ে ৷

আৰক্ষীৰ কৰ্তব্যত গাফিলতিৰ বাবে পালঘৰ ঘটনা সংঘটিত হোৱাৰ দাবী কৰি দাখিল কৰা জনস্বাৰ্থজড়িত আবেদনৰ পাচতে এক বিচাৰক মণ্ডলীয়ে এই ঘটনাৰ শুনানি গ্ৰহণ কৰিছিল ৷

বিচাৰক মণ্ডলীয়ে কয় যে, অপৰাধ তদন্তকাৰী সংস্থাই (CID) ইতিমধ্যেই এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু মহাৰাষ্ট্ৰৰ অতিৰিক্ত আৰক্ষী মহানিৰ্দেশকৰ অধীনত সকলো তদন্ত অব্যাহত আছে ৷

মহাৰাষ্ট্ৰ চৰকাৰে এই সম্পৰ্কত নিজৰ স্থিতি দাখিল কৰাৰ 4 সপ্তাহৰ পাচত এই ঘটনাৰ শুনানি পুনৰ গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে উচ্চতম ন্যায়ালয়ে ৷

পালঘৰ গণহত্যাৰ পাচতে এনে ঘটনাৰ বিৰুদ্ধে এক বিশেষ আইনৰ দাবী কৰি এখন জনস্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছিল ৷ এই সম্পৰ্কত ন্য়ায়ালয়ে অসন্মতি প্ৰকাশ কৰি কয় যে, ইতিমধ্যেই গণহত্যাৰ বিৰুদ্ধে আইন আছে আৰু সকলো সেই সম্পৰ্কত অৱগত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.