মুম্বাই,5 অক্টোবৰ: বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে দেওবাৰে পুনৰ শ্বুটিং স্থলীলৈ প্ৰত্যাৱৰ্তন ঘটোৱাৰ বিষয়ে সদৰী কৰে ৷ অভিনেতাগৰাকীৰ আহিবলগীয়া ছবি ৰাধেৰ শ্বুটিং আধৰুৱা অৱস্থাত আছিল ৷ বিগত ছমাহ পূৰ্বে কৰ’ণা ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ বাবে ছবিখনৰ শ্বুটিং আধাতে বন্ধ ৰখা হৈছিল ৷ বিগত মাৰ্চ মাহতেই 54 বৰ্ষীয় বলীউডৰ অভিনেতাগৰাকীয়ে প্ৰভূ দেৱা পৰিচালিত বিগ বাজেটৰ ছবিখনৰ শ্বুটিং আৰম্ভ কৰিছিল ৷
অভিনেতাগৰাকীয়ে শ্বুটিঙস্থলীৰ ফটোৰ লগতে ভাইৰাছ প্ৰতিহত কৰিব পৰা এটা জেকেট পৰিধান কৰি উঠা ফটো ইতিমধ্যে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে ৷ সুদীৰ্ঘ চাৰে ছমাহৰ মূৰত ছেটলৈ প্ৰত্যাৱৰ্তন শীৰ্ষক কেপচনেৰে ফটোসমূহ শ্বেয়াৰ কৰে ছুপাৰষ্টাৰগৰাকীয়ে ৷ মুক্তিৰ পূৰ্বে হিট হোৱাৰ ধাৰণা কৰা ছবিখনত ছলমান খানৰ বিপৰীতে অভিনয় কৰিছে দিশা পাটানীয়ে ৷
লগতে চাওকঃ শেহতীয়া ড্ৰাগছ ব্যৱহাৰ সন্দৰ্ভত মুখ খুলিলে অক্ষয় কুমাৰে