ETV Bharat / bharat

এতিয়াৰে পৰা প্ৰতি মিনিটত 6 পইছাকৈ ভৰিব লাগিব JIO ৰ গ্ৰাহকে

author img

By

Published : Oct 9, 2019, 11:11 PM IST

বুধবাৰৰ পৰা কাৰ্যকৰী হ’ল জিঅ’ৰ আই ইউ চি শুল্কনীতি ৷ অন্য নেটৱৰ্কত কৰা আউটগোৱিং কলৰ বাবদ গ্ৰাহকে ভৰিব লাগিব প্ৰতি মিনিটত 6 পইচা ৷ টেলিকম ৰেগুলেটৰি অথ’ৰিটি অব ইণ্ডিয়াই আই ইউ চিৰ সমপ্তি নঘটোৱা পৰ্যন্ত জাৰি থাকিব এই শুল্কনীতি ৷

বুধবাৰৰ পৰা কাৰ্যকৰী হ’ল জিঅ’ৰ আই ইউ চি শুল্কনীতি

নেশ্বনেল ডেক্স, 9 অক্টোবৰঃ বিগত কিছু সময়ৰ পৰা টেলিকম ইণ্ডষ্ট্ৰীৰ আই ইউ চি অৰ্থাৎ ইণ্টাৰকানেক্ট য়ুজেচ চাৰ্জৰ ওপৰত বিতৰ্কৰ সূত্ৰপাত হৈ আছিল ৷ কিছুদিন পূৰ্বেই জিঅ’ আৰু এয়াৰটেলে আউটগ’ইং কলৰ ৰিঙৰ সময় হ্ৰাস কৰি 20 ছেকেণ্ড কৰিছিল ৷ উক্ত বিষয়টো টেলিকম ৰেগুলেটৰি অথ’ৰিটি অব ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত হৈ আছে আৰু ফলাফলৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব পৰে ৷ আই ইউ চিৰ বাবে যি ক্ষয়-ক্ষতি হৈছে সেই ক্ষতিৰ ক্ষতিপূৰণ দিয়াৰ বাবে ইতিমধ্যে ৰিলায়েঞ্চৰ জিঅ’ই পদক্ষেপ গ্ৰহণ কৰিছে ৷

RELIANCE JIO NEW IUC PLAN

আশ্বৰ্যজনকভাৱে জিঅ’ই ঘোষণা কৰিছে যে, সম্প্ৰতি আন্যান্য নেটৱৰ্কলৈ কৰা কলৰ বাবদ গ্ৰাহকে চাৰ্জ ভৰিব লাগিব ৷ টেলিকম ৰেগুলটৰি অথ'ৰিটি অব ইণ্ডিয়াই আউটগোইং কলসমূহত আই ইউ চি চাৰ্জ লগোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে জিঅ' কতৃপক্ষই ৷ টেলিকম ৰেগুলেটৰি অথ’ৰিটি অব ইণ্ডিয়াই বৰ্তমান নিৰ্ধাৰণ কৰা আই ইউ চি চাৰ্জ হ’ল প্ৰতি মিনিটত 6 পইচা ৷ আৰু জিঅ’য়েও এই শুল্ক ইয়াৰ গ্ৰাহকৰ পৰা গ্ৰহণ কৰিব যদিহে গ্ৰাহকজনে কোনো অন্য নেটৱৰ্কত কল কৰে ৷ জিঅ’ই কিছুসংখ্যক আই ইউ চি প্লেন আগবঢ়াইছে যি গ্ৰাহকে অন্য নেটৱৰ্কত কল কৰিবৰ বাবে ক্ৰয় কৰিব পাৰে ৷ জিঅ’ৰ এই নতুন নিয়মসমূহক বুধবাৰৰ পৰা কাৰ্যকৰী হ'ব ৷

উক্ত বিষয়টোৰ এক সৰল স্পষ্টীকৰণ হ’ল যে-
যদিহে আপোনাৰ জিঅ’ নম্বৰ আছে আৰু আপুনি কোনোবা এয়াৰটেল বা ভোডাফ’ন-আইডিয়া নম্বৰ ব্যৱহাৰ কৰি কাৰোবাক কল কৰে, তেন্তে আপুনি ৰিং কৰি থকালৈকে প্ৰতি মিনিটত 6 পইচাকৈ শুল্ক দিব লাগিব ৷ কল এতিয়াও অন্য অ’পাৰেটৰৰ বাবে ৰেহাই হ’ব ৷

কিন্তু যদি আপুনি জিঅ’ নম্বৰ অথবা লেণ্ডলাইন নম্বৰলৈ কল কৰে তেতিয়া কোনোধৰণৰ শুল্ক ভৰিবলগীয়া নহয় ৷ আই ইউ চিৰ এই নতুন শুল্কনীতি পোষ্টপেইড উপভোক্তাসকলৰ বাবেও প্ৰযোজ্য হ’ব ৷

জিঅ’ৰ নতুন আই ইউ চি যোজনাঃ

জিঅ’ৰ অতিৰিক্ত ডাটা সুবিধাসমূহে চাৰিটা নতুন পৰিকল্পনা গ্ৰহণ কৰিছে-
1. আৰ এচ 10 পৰিকল্পনা অনুসৰি নন জিঅ’ নম্বৰ তথা 1 জিবি ডাটাত 124 মিনিটৰ আই ইউ চি মিনিট সৰবৰাহ কৰা হ’ব ৷
2. আৰ এচ 20 প্লেনত নন জিঅ’ নম্বৰ তথা 2 জিবি ডাটাত 249 মিনিটৰ আই ইউ চি মিনিট সৰবৰাহ কৰা হ’ব ৷
3. আৰ এচ 50ৰ প্লেনত নন জিঅ’ নম্বৰ তথা 5 জিবি ডাটাত 656 মিনিটৰ আই ইউ চি মিনিট প্ৰদান কৰ হ’ব ৷
4. আৰ এচ 100 পৰিকল্পনাত নন জিঅ’ নম্বৰ তথা 10 জিবি ডাটাত 1,362 মিনিটৰ আই ইউ চি মিনিট সৰবৰাহ কৰা হ’ব ৷

আই ইউ চি কি?

আই ইউ চি অৰ্থাৎ ইণ্টাৰকানেক্ট য়ুজেচ চাৰ্জ হ’ল কোনো টেলিকম অপাৰেটৰে যদি আন টেলিকম অপাৰেটৰৰ গ্ৰাহকক আউটগোইং কল কৰে তেন্তে আন টেলিকম অপাৰেটৰক টেলিকম অপাৰেটৰগৰকীয়ে যি পৰিমাণৰ অৰ্থ প্ৰদান কৰিব লাগে ৷ আৰু সেইটো টেলিকম ৰেগুলেটৰি অথ’ৰিটি অব ইণ্ডিয়াই নিৰ্ধাৰণ কৰে ৷ বৰ্তমান সকলো টেলিকম অপাৰেটৰকে প্ৰতি মিনিটত 6 পইচাকৈ চাৰ্জ কৰিব লাগে ৷

জিঅ’ই এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কাৰণ কি?

জিঅ’ই বিচাৰে যে, টেলিকম ৰেগুলেটৰি অথ’ৰিটি অব ইণ্ডিয়াই 2020 চনৰ আৰম্ভনিতে শূণ্য টকা আই ইউ চি চাৰ্জ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ অন্যান্য অপাৰেটৰমূহে যেতিয়া তেঁওলোকৰ গ্ৰাহকসকলৰ বাবে চাৰ্জ কৰে, তেনেক্ষেত্ৰত জিঅ’ই নিজৰ নেটৱৰ্কত ফ্ৰি কল প্ৰদান কৰি আহিছে ৷ যাৰ ফলত জিঅ’ই প্ৰতিটো অন্য নেটৱৰ্কৰ কলৰ বাবদ আই ইউ চি চাৰ্জ দিয়াৰ বাবে লোকচান বহন কৰিবলগীয়া হয় ৷

"2017 চনত আই ইউ চি ৰেগুলেচনসমূহ সংশোধন কৰা হৈছিল যথেষ্ট আলোচনা আৰু পৰামৰ্শৰ পিছত ৷ এই পৃষ্ঠভূমিত পৰামৰ্শ পত্ৰই নিয়ামক অনিশ্চয়তাৰ উদ্ভাৱন কৰিছিল আৰু সেইকাৰণেই জিঅ’ই সকলোৰে বাবে 6 পইচা প্ৰতি মিনিটৰ নিৰ্ধাৰিত শুল্ক গ্ৰহণ কৰিবলৈ অনিচ্ছা সত্বেও বাধ্য ৷"

জিঅ’ৰ গ্ৰাহকসকলৰ বাবে আই ইউ চি শুল্ক কেতিয়া সমাপ্ত হ’ব?
জিঅ’ই জনায় যে, জিঅ’ই ইয়াৰ 35 কোটি গ্ৰাহকক পুনৰ আশ্বাস প্ৰদান কৰে যে, আউটগোইং নেট টু নেট কলত 6 পইচা প্ৰতি মিনিটৰ শুল্ক সেই পৰ্যন্ত জাৰি থাকিব যেতিয়ালৈকে ট্ৰাইয়ে আই ইউ চিৰ সমপ্তি নঘটায় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.