নেশ্য়নেল ডেস্ক , ০১ ডিচেম্বৰ : বিহাৰ নিৰ্বাচনৰ পিছৰে পৰা ৰাজ্য়খনৰ নেতাসকলৰ মাজত বিভিন্ন ধৰণে ৰাজনৈতিক বাক বিতণ্ডা চলি আছে । মিত্ৰজোঁটত থকা মুখ্য়মন্ত্ৰী নিতিশ কুমাৰৰ দল জে.ডি.(ইউ) আৰু বিজেপিৰ মাজতো বিভিন্ন বিষয়কলৈ মনোমালিন্য় ঘটাৰ তথ্য় শেহতীয়াকৈ চৰ্চালৈ আহিছে । তাৰ মাজতে বিহাৰৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী তথা আৰ.জে.ডি.ৰ জ্য়েষ্ঠ নেতা ৰাবৰি দেৱীৰ বিস্ফোৰক মন্তব্য় । ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰাক্তন মুখ্য়মন্ত্ৰী গৰাকীয়ে কয় যে, বিহাৰত নিতিশ কুমাৰ এতিয়া অসহায়, কিয়নো নিতিশ কুমাৰৰ হাতত এতিয়া আৰু একো নাই । বিজেপিৰ হেঁচাত তেওঁ কাম কৰাৰ বাহিৰে আৰু বেলেগ বিকল্প নাই বুলিও মন্তব্য় কৰিলে প্ৰাক্তন মুখ্য়মন্ত্ৰী গৰাকীয়ে । কেৱল এয়াই নহয়, তেওঁৰ মতে বিজেপিৰ হেঁচা ল'বলৈ নিতিশ কুমাৰ পূৰ্বৰে পৰা সাজু হৈ থাকিব লাগিছিল ।
ব্য়াপক প্ৰশাসনিক ৰদবদল সন্দৰ্ভত প্ৰশ্ন কৰাত আৰ.জে.ডিৰ জ্য়েষ্ঠ নেত্ৰী গৰাকীয়ে কয় যে বিহাৰত নিতিশ কুমাৰৰ অনুমতি নোলোৱাকৈ সকলোবোৰ বিজেপিৰ ইচ্ছা মতেই হৈ আছে ।
লালু প্ৰসাদ যাদৱৰ স্বাস্থ্য় সম্পৰ্কত প্ৰাক্তন মুখ্য়মন্ত্ৰী তথা লালু প্ৰসাদ যাদৱৰ সহধৰ্মিনী ৰাবৰি দেৱীয়ে কয় যে তেওঁ চিকিৎসকৰ লগত যোগাযোগত আছে আৰু আৰ.জে.ডিৰ বিশিষ্ট নেতা গৰাকীৰ স্বাস্থ্য় পূৰ্বতকৈ বহু উন্নত হৈছে ।
লগতে পঢ়ক : প্ৰায় দহ মাহৰ পিচত বিদ্যালয়ৰ চৌহদ দেখিলে কেৰালাৰ শিক্ষাৰ্থীয়ে