ETV Bharat / bharat

টেলিকম খণ্ডৰ সংকট মোচন হ’বনে !

author img

By

Published : Jan 25, 2020, 1:44 PM IST

২০১৯ চনৰ অক্টোবৰত উচ্চতম ন্যায়ালয়ে টেলিকম কোম্পানীসমূহক ২৩ জানুৱাৰীৰ সময়সীমা বান্ধি দি ১.৪৭ লাখ কোটি টকা আদায় দিবলৈ নিৰ্দেশ প্ৰদান কৰে । উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে অক্টোবৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱা এক আবেদন খাৰিজ কৰে । উদ্যোগ খণ্ডটোৱে আন এখন আবেদন দাখিল কৰাৰ চিন্তা-চৰ্চা কৰিছে কিয়নো কোম্পানীসমূহে ইতিমধ্যে ২৯-৩২ শতাংশ কৰ আৰু শুল্কৰ বোজা বহন কৰি আহিছে ।

অৰ্থনৈতিক সংস্কাৰৰ অন্যতম আধাৰশিলা টেলিকম
5 জি

অৰ্থনৈতিক সংস্কাৰৰ সময়ত টেলিকম খণ্ড অন্যতম আধাৰশিলা আছিল । ভাৰতৰ জনমূৰি আয়ত টেলিকম খণ্ডৰ প্ৰায় ৬.৫ শতাংশ অংশ থকাৰ লগতে ৫ জি বিপ্লৱৰ পাছত ৮.২ শতাংশলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছিল । কিন্তু উচ্চতম ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেশে টেলিকম খণ্ডলৈ সংকট নমাই আনিছে । ২০১৯ চনৰ অক্টোবৰত উচ্চতম ন্যায়ালয়ে টেলিকম কোম্পানীসমূহক ২৩ জানুৱাৰীৰ সময়সীমা বান্ধি দি ১.৪৭ লাখ কোটি টকা আদায় দিবলৈ নিৰ্দেশ প্ৰদান কৰে । উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে অক্টোবৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱা এক আবেদন খাৰিজ কৰে । উদ্যোগ খণ্ডটোৱে আন এখন আবেদন দাখিল কৰাৰ চিন্তা-চৰ্চা কৰিছে কিয়নো কোম্পানীসমূহে ইতিমধ্যে ২৯-৩২ শতাংশ কৰ আৰু শুল্কৰ বোজা বহন কৰি আহিছে । কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনৰ জুলাই মাহত দাখিল কৰা এক প্ৰতিবেদন মতে এয়াৰটেলে ২১,৬৮২ কোটি টকা আদায় দিব লাগিব । ভ'ডাফোনে ১৯,৮২৩ কোটি টকা, ৰিলায়েঞ্চ কমিউনিকেশ্বনে ১৬,৪৫৬ কোটি, এমটিএনএলে ২৫৩৭ কোটি আৰু বিএছএনএলে ২০৯৮ কোটি টকা অনুজ্ঞাপত্ৰৰ মাচুল দিব লাগিব । অপাৰেটৰসমূহে এজিআৰ অৰ্থাৎ এডজাষ্টেড গ্ৰচ্ ৰেভিনিউ আদায় দিবলৈ মান্তি হৈছে যদিও চৰকাৰৰ এজিআৰৰ সংজ্ঞা মানি লোৱা নাই । যেতিয়া টেলিকম অপাৰেটৰসমূহে আকাশলংঘী অনুজ্ঞাপত্ৰ মাচুল দিবলৈ সমস্যাৰ সন্মুখীন হৈছিল তেতিয়া চৰকাৰে আৰ্থিক সংস্কাৰৰ অংশ স্বৰূপে ৰেহাই প্ৰদান কৰিছিল । কিন্তু শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে কৈছে যে বহু পৰিমাণে লাভ আদায় কৰা কোম্পানীসমূহেও সঠিক ৰাজহৰ তথ্য চৰকাৰৰ ওচৰত প্ৰকাশ কৰা নাই । এনে পৰিৱেশত ভ'ডাফোনৰ দৰে অপাৰেটৰে ব্যৱসায় বন্ধ কৰিব লগা হ'ব পাৰে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে ।

টেলিকম খণ্ড

ৰোগাক্ৰান্ত টেলিকম খণ্ডক ক্ষীপ্ৰতাৰে সুস্থ কৰিবলৈ ১৯৯৯ চনত বাজপেয়ী চৰকাৰে কিছু ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল । ফলস্বৰূপে নতুন টেলিকম নীতি প্ৰৱৰ্তন কৰা হৈছিল । এই নতুন নীতি অনুসৰি টেলিকম কোম্পানীসমূহে ৰাজহৰ লগতে বহু বছৰীয়া অনুজ্ঞাপত্ৰ মাচুলৰ পৰিৱৰ্তে প্ৰথমে এবাৰৰ বাবে প্ৰৱেশৰ মাচুল দিব লাগে । ২০১৩ চনত চৰকাৰে এজিআৰ ১৫ শতাংশৰ পৰা ৮ শতাংশলৈ হ্ৰাস কৰে । টেলিকম অপাৰেটৰসকলৰ সমূহীয়া ৰাজহ ২০০৪ চনত ৪৮৫৫ কোটি টকা থকাৰ বিপৰীতে ২০১৫ চনত ২,৩৮,০০০ কোটি টকালৈ বৃদ্ধি পায় । চৰকাৰে ইয়াৰ খচৰা নীতিত এজিআৰৰ সংজ্ঞা স্পষ্টভাৱে নিৰূপণ কৰিছে । অপাৰেটৰসকলে প্ৰথমে এই নীতি মানি লৈছিল যদিও শেহতীয়াকৈ ওলোটা খৰ মাৰে । বৰ্তমানৰ ন্যায়িক বিতৰ্কৰ এয়াই কাৰণ । জিঅ’ই আঠ টকাত এক জিবি ডাটা প্ৰদান কৰাৰ ফলত আন অপাৰেটৰসকলে ২০১৭-১৯ৰ সময়ছোৱাত ২৫ শতাংশ লোকচানৰ সন্মুখীন হয় । ২০১৫ চনৰ জনমূৰি ৰাজহ ১৭৪ টকাৰ পৰা অলপতে ১১৩ টকালৈ হ্ৰাস পাইছে । এনে এক পৰিস্থিতিত ১,৪০,০০০ কোটি টকাৰ ঋণৰ বোজাই টেলিকম খণ্ডত গভীৰ সংকটৰ সৃষ্টি কৰিছে । ৫ জি প্ৰযুক্তি কৃত্ৰিম বুদ্ধিমত্তাৰ এই সময়ত টেলিকম খণ্ড আৰু চৰকাৰ, দুয়োপক্ষই যাতে লোকচান ভৰিবলগীয়া নহয় তাৰ বাবে সঠিক সিদ্ধান্তত উপনীত হোৱাৰ প্ৰয়োজন আহি পৰিছে ।

টেলিকম বিভাগৰ ৱেবছাইটৰ তথ্যমতে দেশজুৰি ৩৪৬৮ খন অনুজ্ঞাপত্ৰ আছে । উচ্চতম ন্যায়ালয়ে এজিআৰ সন্দৰ্ভত প্ৰদান কৰা নিৰ্দেশ সকলো অনা-কোম্পানীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব বুলি চৰকাৰে কোৱাৰ পাছত কেৱল চৰকাৰী খণ্ডৰ সংস্থাসমূহৰে প্ৰায় তিনি লাখ কোটি টকাৰ ঋণ থকাটো স্পষ্ট হৈ পৰিছে । পাৱাৰগ্ৰীডে ৯৫ শতাংশ ৰাজহ শক্তি সৰবৰাহৰ জৰিয়তে সংগ্ৰহ কৰাৰ বিপৰীতে দুই শতাংশ টেলিকম সেৱাৰ পৰা সংগ্ৰহ কৰে । যদিও যিবোৰ কৰ্পৰেশ্বনে কেৱল টেলিকম সেৱাৰ পৰা ৭৪২ কোটি টকা অৰ্জন কৰে সেইবোৰে ৫৯ কোটি টকা অনুজ্ঞাপত্ৰৰ মাচুল আদায় দিব লাগে বৰ্তমানৰ হিচাপ অনুসৰি পাৱাৰগ্ৰীডে ১.২৫ লাখ কোটি টকা আদায় দিব লাগিব । এনে ৰাজহুৱা প্ৰতিষ্ঠানৰ আবেদনবোৰ উচ্চতম ন্যায়ালয়ে বিবেচনা কৰিবনে নাই সেয়া স্পষ্ট নহয় । কেন্দ্ৰীয় চৰকাৰে ৪২,০০০ কোটি টকাৰ স্পেকট্ৰামৰ মাচুল আদায় দিয়াৰ সময় বৃদ্ধি কৰিছে। স্পেকট্ৰামৰ নিবিদাৰ পূৰ্বে ইয়াৰ বিতৰণ সঠিক নাছিল বুলি সমালোচনা হৈছিল । যিহেতু কেন্দ্ৰীয় চৰকাৰে স্পেকট্ৰামৰ নিবিদাৰ জৰিয়তে যথেষ্ট পৰিমাণৰ ধন আগতীয়াকৈ সংগ্ৰহ কৰি আছে গতিকে উদ্যোগ খণ্ডই অতিৰিক্ত অনুজ্ঞাপত্ৰৰ মাচুলৰ বিৰোধিতা কৰিছে । ৫ জিৰ বিপ্লৱেৰে দেশখন সম্পূৰ্ণৰূপে সুসজ্জিত হ’বলগীয়া সময়তে টেলিকম উদ্যোগত বৰ্তমান বৰ্তি থকা অনিশ্চয়তা কোনোপধ্যে হিতকৰ নহয় ।

আৰু পঢ়ক : ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপনৰ দিশে অগ্ৰসৰ হৈছে ভাৰতবৰ্ষ

Sir\Please find the translated article.
Title: Putting Telecom on the path of recovery
Regards
Rinkumani Pathak

On Sat, Jan 25, 2020 at 9:26 AM Rinkumani Pathak <rinkupathak125@gmail.com> wrote:
Sir
Please find the translated article.
Title:India tests K4 Submarine Launched Ballistic Missile
Regards
Rinkumani Pathak

On Thu, Jan 23, 2020 at 1:35 PM Mrinal Das <mrinal.das@etvbharat.com> wrote:
Dear Rinkumoni
Please do this articles urgently.
Regards
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.