নেশ্যনেল ডেস্ক,4 জানুৱাৰী: তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাজস্থানৰ বিকানেৰত উপস্থিত হৈছে ৰাষ্ট্ৰপতিৰ পৰিয়ালবৰ্গ ৷ একান্ত ব্যক্তিগত কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দেওবাৰে নিশা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰিয়ালবৰ্গ উপস্থিত হৈছে বিকানেৰত ৷ বিকানেৰত উপস্থিত হোৱাৰ লগে লগে ৰাষ্ট্ৰপতিগৰাকীৰ পৰিয়ালবৰ্গক বিপুল আদৰণি জনাই হোটেল কৰ্তৃপক্ষই ৷

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছে পুত্ৰ প্ৰশান্ত, বোৱাৰী গৌৰীৰ লগতে ৰাষ্ট্ৰপতি কোবিন্দৰ নাতি-নাতিনী ৷ ৰাষ্ট্ৰপতিগৰাকীৰ পৰিয়ালবৰ্গই বিকানেৰৰ হোটেল লক্ষ্মী নিবাসত বাহৰ পাতিছে ৷ এয়া ৰাষ্ট্ৰপতিগৰাকীৰ পৰিয়ালৰ একান্ত ব্যক্তিগত ভ্ৰমণ হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰট’কল অনুসৰি কোনো চৰকাৰী বিষয়ববীয়াই দলটোক আদৰিবলৈ হোটেলত উপস্থিত থকা দেখা নাযায় ৷

ৰাষ্ট্ৰপতিগৰাকীৰ পৰিয়ালবৰ্গই বিকানেৰৰ কৰণী মাতা মন্দিৰ, জুনাগড় আৰু গজনেৰৰ লগতে অন্যান্য পৰ্যটনস্থলীসমূহ পৰিদৰ্শন কৰিব ৷ তদুপৰি উট অনুসন্ধান কেন্দ্ৰও পৰিদৰ্শন কৰিব ৰাষ্ট্ৰপতি কোবিন্দৰ পৰিয়ালে ৷ উল্লেখ্য যে, কলা-সংস্কৃতিৰ দিশৰ পৰা বিকানেৰ যথেষ্ট চহকী আৰু বিখ্যাত ৷ ৰাষ্ট্ৰপতিগৰাকী পূৰ্বে বিহাৰৰ ৰাজ্যপাল হিচাপে শাসনৰ দায়িত্বভাৰ চম্ভালি থাকোতে বিকানেৰ ভ্ৰমণলৈ আহিছিল ৷

লগতে চাওকঃ সুৰা সৰবৰাহকাৰীৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত দুই আৰক্ষী জোৱান