নতুন দিল্লী,25মে' : ষষ্ঠদশ লোকসভা ভংগ কৰিবলৈ মন্ত্ৰীসভাই দিয়া প্ৰস্তাৱত ৰাষ্ট্ৰপিত ৰামনাথ ক'বিন্দৰ অনুমোদন ৷ শুকুৰবাৰে মন্ত্ৰীসভাই ষষ্ঠদশ লোকসভা ভংগ কৰিবলৈ অনুৰোধ জনাইছিল ৷
-
#WATCH Delhi: Chief Election Commissioner Sunil Arora submits the list of winners of #LokSabhaElections2019 to President Ram Nath Kovind. pic.twitter.com/eDGiCtDmVS
— ANI (@ANI) May 25, 2019 " class="align-text-top noRightClick twitterSection" data="
">#WATCH Delhi: Chief Election Commissioner Sunil Arora submits the list of winners of #LokSabhaElections2019 to President Ram Nath Kovind. pic.twitter.com/eDGiCtDmVS
— ANI (@ANI) May 25, 2019#WATCH Delhi: Chief Election Commissioner Sunil Arora submits the list of winners of #LokSabhaElections2019 to President Ram Nath Kovind. pic.twitter.com/eDGiCtDmVS
— ANI (@ANI) May 25, 2019
ৰাষ্ট্ৰপতি ভৱনৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিবৃতি অনুসৰি মন্ত্ৰীসভাৰ অনুৰোধ অনুসৰি ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 85 ভাগ 2 অনুসৰি নিজৰ প্ৰাপ্ত অধিকাৰ প্ৰয়োগ কৰি ৰাষ্ট্ৰপতি ক'বিন্দে ষষ্ঠদশ লোকসভা ভংগৰ নিৰ্দেশ দিয়ে ৷ ইয়াৰ পূৰ্বে সুনীল অৰোৰাৰ নেতৃত্বত যোৱা তিনিজন নিৰ্বাচনী আয়ুক্তই ৰাষ্ট্ৰপতিক নৱ নিৰ্বাচিত সদস্যসকলৰ তালিকা প্ৰদান কৰে ৷
উল্লেখযোগ্য যে , 3 জুনত ষষ্ঠদশ লোকসভাৰ কাৰ্যকাল অন্ত পৰিব ৷ শুকুৰবাৰে মন্ত্ৰীসভাই লোকসভা ভংগৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল ৷ লগতে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক তেওঁৰ তথা মন্ত্ৰীসভাৰ সমূহীয়া পদত্যাগ পত্ৰ দাখিল কৰিছিল ৷