ETV Bharat / bharat

ধৰ্ষণৰ অভিযোগত কেৰালাৰ পুৰোহিতক বহিষ্কাৰ - Robin Vadakkumchery

শূণ্য সহনশীলতা নীতিৰ অধীনত শিশুক শাৰিৰীক নিৰ্যাতন চলোৱা কেৰালাৰ ছায়ৰ’ মালাৱাৰ গীৰ্জাৰ পুৰোহিত ৰবিন ভডক্কুমচেৰী বহিষ্কাৰ ৷ 20 বছৰৰ কাৰাদণ্ডৰ লগতে 3 লাখ টকাৰ জৰিমনা ৰবিন ভডক্কুমচেৰীক ৷

Pope Francis expels Kerala priest convicted of rape,ধৰ্ষণৰ অভিযোগত কেৰালাৰ পুৰোহিতক বহিষ্কাৰ প’প ফ্ৰান্সিচৰ
ধৰ্ষণৰ অভিযোগত কেৰালাৰ পুৰোহিতক বহিষ্কাৰ প’প ফ্ৰান্সিচৰ
author img

By

Published : Mar 1, 2020, 7:57 PM IST

নিউজ ডেস্ক, 1 মাৰ্চ: ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত কেৰালাৰ ছায়ৰ’ মালাৱাৰ গীৰ্জাৰ পুৰোহিত ৰবিন ভডক্কুমচেৰী ৷ ইয়াৰ লগে-লগে সকলো ধৰণৰ কৰ্তব্যৰ পৰা অব্যাহতি দিয়ে পুৰোহিতগৰাকীক ৷ শিশু নিৰ্যাতনৰ ক্ষেত্ৰত সকলো বিশপকে শূণ্য সহনশীলতা নীতিৰ কথা স্পষ্ট কৰি দিছিল প’প ফ্ৰান্সিচে ৷

এই শূণ্য সহনশীলতা নীতিৰ অধীনতে শিশুক শাৰিৰীক নিৰ্যাতন চলোৱা কেৰালাৰ ছায়ৰ’ মালাৱাৰ গীৰ্জাৰ পুৰোহিত ৰবিন ভডক্কুমচেৰীক বহিষ্কাৰ কৰা হয় ৷ ধৰ্ষণৰ দোষী সাব্যস্ত হোৱাৰ পাচতেই ছায়ৰ’ মালাৱাৰ গীৰ্জা কৰ্তপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ বৰ্তমান এগৰাকী 16 বছৰীয়া যুৱতীক ধৰ্ষণ কৰি গৰ্ভৱতী কৰাৰ দোষত দোষী সাব্যস্ত হৈ কাৰাবন্দী হৈ আছে পুৰোহিতগৰাকী ৷

2017 চনতে এই অপৰাধৰ কথা পোহৰলৈ অহাৰ পাচতেই নিলম্বিত কৰা হৈছিল পুৰোহিতজনক ৷ বিগত বৰ্ষত POCSO আদালতে পুৰোহিতগৰাকীক 20 বছৰৰ কাৰাদণ্ডৰ লগতে 3 লাখ টকাৰ জৰিমনা বিহিছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.