ETV Bharat / bharat

কৰ'ণা ভাইৰাছ সৃষ্টি : চীনৰ বিৰুদ্ধে ICJ ত গোচৰ ৰুজু কৰাৰ আবেদন

চীনৰ বিৰুদ্ধে ICJ ত গোচৰ ৰুজু কৰিবলৈ আবেদন ৷ চীনক 600 বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ বিচাৰিবলৈ আবেদন ৷

কৰ'ণা ভাইৰাছ সৃষ্টি
চীনৰ বিৰুদ্ধে ICJ ত গোচৰ ৰুজু কৰাৰ আবেদন
author img

By

Published : May 8, 2020, 9:24 AM IST

নেশ্যনেল ডেস্ক, 8 মে' : কৰ'ণা ভাইৰাছ সৃষ্টি কৰাৰ বাবে চীনৰ বিৰুদ্ধে 600 বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ বিচাৰি আন্তৰাষ্ট্ৰীয় ন্যায় আদালতত এক গোচৰ ৰুজু কৰিবৰ বাবে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত এক জনস্বাৰ্থজনিত আবেদন (PIL) দাখিল কৰা হৈছে ৷

বিশ্বৰ দুই লাখতকৈ অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়া COVID-19 ৰ উৎপত্তি চীনৰ য়ুহান চহৰৰ এক গৱেষণাগাৰত হোৱাৰ বহু প্ৰমাণ আছে বুলি আবেদনকাৰী গৰাকীয়ে উল্লেখ কৰে ৷ লগতে তেওঁ কয় যে, 1984 বৰ্ষৰ জৈৱিক অস্ত্ৰ সন্মিলন (Biological Weapon Convention) অনুসৰি চীনে জৈৱিক আৰু মাৰাত্মক অস্ত্ৰ-শস্ত্ৰৰ বিকাশ, উৎপাদন আৰু সংৰক্ষণ বন্ধ কৰিবলৈ সন্মতি প্ৰদান কৰিছিল ৷

আবেদনকাৰীয়ে লগতে কয় যে, এই কৰ'ণা ভাইৰাছৰ ফলত হাজাৰোধিক ভাৰতীয়ৰ মৃত্যু হোৱাৰ লগতে দেশৰ অৰ্থনীতি ভয়াবহভাৱে ক্ষতিগ্ৰস্ত হ'ল আৰু বহুসংখ্য়ক লোকে খাদ্যৰ অভাৱত ভূগিব লগা হ'ল ৷

ইয়াৰোপৰি, চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ কৰ'ণা ভাইৰাছ পৰীক্ষণ নকৰাৰ লগতে প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সমস্যা সমাধান কৰিব পৰা নাই বুলি সমালোচনা কৰে আবেদনকাৰীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.