ETV Bharat / bharat

অবৈধ সম্পৰ্ক ৰখাৰ অজুহাতত বহিষ্কৃত পোহনীয়া কুকুৰ - pet-dog-abandoned-for-illicit-relationship-in-kerala

এক অদ্ভূত ঘটনা সংঘটিত হৈছে কেৰেলাত ৷ প্ৰতিৱেশী ঘৰৰ এটা কুকুৰৰ সৈতে অবৈধ সম্পৰ্ক ৰখাৰ অজুহাতত এটা পোহনীয়া কুকুৰক গৰাকীৰ দ্বাৰা বৰ্জন ৷

অবৈধ সম্পৰ্ক ৰখাৰ অজুহাতত বহিষ্কৃত পোহনীয়া কুকুৰ
author img

By

Published : Jul 24, 2019, 9:25 AM IST

থিৰুৱন্তপুৰম, 24জুলাইঃ কেৰেলাৰ থিৰুৱন্তপুৰমত সংঘটিত এটা ঘটনাই চকু কপালত তুলিছে সকলোৰে ৷ চুবুৰীয়া ঘৰৰ কুকুৰ এটাৰ সৈতে বৰ্হিভূত সম্পৰ্ক ৰখাৰ বাবেই গৃহস্থই বৰ্জন কৰিলে নিজৰ পোহনীয়া কুকুৰটোক৷ প্ৰায় তিনি বছৰীয়া বগা পমেৰেনিয়ান প্ৰজাতিৰ কুকুৰ়টোক থিৰুৱন্তপুৰমৰ ৱল্ড মাৰ্কেটৰ সমীপৰ পৰা গৰাকীহীনভাৱে উদ্ধাৰ কৰে People For Animals (PFA) ৰ নামৰ এটি বন্যপ্ৰাণী সংস্থাৰ চামিন নামৰ এগৰাকী স্বেচ্ছাসেৱিকাই ৷ স্বেচ্ছাসেৱিকা গৰাকীয়ে জনোৱা মতে কুকুৰটোৰ ডিঙিত মালায়ালমত এটি টোকা লিখি থোৱা আছিল ৷ য'ত কুকুৰটোক ঘৰৰ পৰা বৰ্জন কৰাৰ মূল কাৰণ প্ৰতিৱেশী ঘৰৰ এটা কুকুৰৰ সৈতে অবৈধ সম্পৰ্ক বুলি স্পষ্টভাৱে উল্লেখ কৰা আছিল ৷

ETV BHARAT ASSAM
অবৈধ সম্পৰ্ক ৰখাৰ অজুহাতত বহিষ্কৃত পোহনীয়া কুকুৰ
সচৰাচৰ ঘৰুৱা কুকুৰসমূহক আঘাতজনিত কাৰণ বা ৰোগাগ্ৰস্ত হোৱাৰ বাবেহে ঘৰৰ গৰাকীয়ে পৰিত্যাগ কৰা পৰিলক্ষিত হয়, কিন্তু অবৈধ সম্পৰ্ক স্থাপনৰ অজুহাতত ঘৰৰ পৰা বহিষ্কাৰ কৰাৰ দৃষ্টান্ত অদ্ভুত আৰু সম্ভৱত এয়াই প্ৰথম ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.