নিউজ ডেস্ক,4 জুলাইঃ ওড়িশাৰ এহাল দম্পতীৰ বাঘিনী জীয়েকজনীৰ নাম খেৰী ৷ "আহ খেৰী আহ" বুলি তেওঁলোকে যেতিয়াই মাতিছিল দৌৰি আহিছিল খেৰী নামৰ বাঘিনীজনী ৷ বন্যপ্ৰাণীৰ প্ৰতি অজস্ৰ মৰম আৰু উদাৰতাৰ পৰিণতিতে 1974 চনত নিহাৰ নলিনী নামৰ মহিলাগৰাকীয়ে তুলি লৈছিল এটা বাঘ পোৱালী ৷
মহিলাগৰাকী স্বামী সেই সময়ত চিমিলিপাল টাইগাৰ প্ৰজেক্টৰ পৰিচালক আছিল ৷ দুয়োৱে বাঘৰ পোৱালীটো উদ্ধাৰ কৰিছিল খেৰা নদীৰ পাৰত ৷ নদীখনৰ নাম অনুসৰি বাঘ পোৱালীটোৰ নাম থৈছিল খেৰী ৷ বাঘ পোৱালীটোক নিজৰ সন্তানৰ দৰেই মৰম কৰি ৰাখিছিল দুয়ো ৷ লাহে লাহে তেওঁলোকৰ কোলাতে ডাঙৰ খেৰী নামৰ বাঘিনীজনী ৷
হিংস্ৰ জন্তুৰ প্ৰতিও তেওঁলোকৰ এই মৰম আৰু আদৰৰ কথা লাহে লাহে সকলো মানুহ জানিবলৈ লৈছিল ৷ এনেদৰে খেৰীৰ সৈতে পাৰ হৈছিল সুখৰ সময়বোৰ ৷ কিন্তু সময় সদায় একে নাথাকে কাৰোৰে বাবে ৷ 1981 চনত তেওঁলোকক এৰি এই সংসাৰ ত্যাগ কৰিলে তেওঁলোকৰ মৰমৰ খেৰীয়ে ৷ যিহেতু দম্পতীহালৰ নিজৰ সন্তান নাছিল ৷ একমাত্ৰ খেৰীয়ে নিজৰ সন্তানৰ দৰে আছিল ৷ সেয়ে খেৰীৰ মৃত্যুৱে একেবাৰে ভাঙি থৈ গ'ল মহিলাগৰাকীক ৷
কিছু বছৰৰ পিছত মহিলাগৰাকীৰ স্বামীয়েও এই সংসাৰ এৰিলে ৷ তাৰ পিছত মহিলাগৰাকীয়ে থাকিবলৈ ল'লে এখন বৃদ্ধাশ্ৰমত ৷ মহিলাগৰাকীয়ে প্ৰায় সকলোবোৰ কথাই পাহৰি পেলাইছে কিন্তু পাহৰা নাই খেৰীৰ কথা ৷ খেৰীৰ নাম শুনিলেই এতিয়াও জিকমিকাই উঠে তেওঁৰ শেতাপৰা চকুহাল ৷