ETV Bharat / bharat

হিজবুল মুজাহিদীনৰ সৈতে জড়িত এজনক অমৃতসৰৰ পৰা গ্ৰেপ্তাৰ

author img

By

Published : Feb 5, 2021, 6:14 PM IST

পঞ্জাৱৰ পৰা হিজবুল মুজাহিদীনৰ সৈতে জড়িত হাৱালা অপাৰেটৰ মনপ্ৰীত সিঙক গ্ৰেপ্তাৰ । হিজবুল মুজাহিদীনৰ সৈতে জড়িত নাৰ্ক- টেৰৰিজিম গোচৰৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত মনপ্ৰীত সিঙক গ্ৰেপ্তাৰ । ধৃত মনপ্ৰীত সিঙৰ পৰা নগদ ২০ লাখ, ১৩০ জাঁই সজীৱ গুলী, মবাইল ফোন, পেন ড্ৰাইভ, হেৰইন পেকিং কৰিবলৈ থোৱা পলিথিন সহ বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ ।

হিজবুল মুজাহিদীনৰ সৈতে জড়িত এজনক অমৃতসৰৰ পৰা গ্ৰেপ্তাৰ
হিজবুল মুজাহিদীনৰ সৈতে জড়িত এজনক অমৃতসৰৰ পৰা গ্ৰেপ্তাৰ

নেচনেল ডেস্ক, ৫ ফেব্ৰুৱাৰী: নগদ ২০ লাখ সহ ১৩০ কাৰ্টুজ জব্দ কৰাৰ এটা দিন পাছতে শুকুৰবাৰে নিয়া (ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা) ই পঞ্জাৱৰ পৰা হাৱালা অপাৰেটৰ মনপ্ৰীত সিঙক গ্ৰেপ্তাৰ কৰে । বিভাগীয় বিষয়াই জানিবলৈ দিয়ে যে, হিজবুল মুজাহিদীনৰ সৈতে জড়িত নাৰ্ক- টেৰৰিজিম গোচৰৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত মনপ্ৰীত সিঙক গ্ৰেপ্তাৰ কৰা হৈছে ।

গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (নিয়া) এগৰাকী বিষয়াই সংবাদমাধ্যমক জানিবলৈ দিয়া মতে অনুসন্ধানকাৰী সংস্থাটোৱে অমৃতসৰৰ পৰা মনপ্ৰীতক গ্ৰেপ্তাৰ কৰে । তেঁঁও লগতে এই কথাও জানিবলৈ দিয়ে যে নিয়াৰ জিম্মাত লোৱাৰ বাবে ধৃত মনপ্ৰীতক নিয়াৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ'ব ।
প্ৰাপ্ত তথ্য অনুসৰি বিগত তিনি মাহৰ পৰা অমৃতসৰৰ এটা ভাড়া ঘৰত মনপ্ৰীত বাস কৰি আছিল । জানিব পৰা মতে অভিযুক্ত মনপ্ৰীত অন্য দুগৰাকী সহ অভিযুক্ত ৰনজিৎ সিঙ ওৰফে চিতা আৰু ইকবাল সিঙ ওৰফে চেৰাৰ যথেষ্ট ঘনিষ্ঠ । উল্লেখ্য যে মনপ্ৰীত সিঙৰ গ্ৰেপ্তাৰৰ সৈতে জড়িত গোচৰটো হিলাল আহমদ শেৰগোজ্ৰিৰ গ্ৰেপ্তাৰৰ সৈতে জড়িত । হিজবুলৰ কামৰ সৈতে জড়িত হিলাল আহমদ জম্মু আৰু কাশ্মীৰৰ সন্ত্ৰাসবাদ মূলক কাৰ্যৰ বাবে ধন সংগ্ৰহৰ বাবে অমৃতসৰলৈ আহিছিল ।
নিয়াৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে তদন্ত প্ৰক্ৰিয়াত এই কথা পোহৰলৈ আহিছে যে, ৰনজিৎ আৰু ইকবালৰ নিৰ্দেশনা অনুযায়ী মনপ্ৰীতে নিজৰ গাড়ীত হেৰইন, ড্ৰাগছ আৰু অস্ত্ৰ-শস্ত্ৰ সৰহবৰাহ কৰিছিল । বিগত বৰ্ষৰ মাৰ্চ মাহত মনপ্ৰীতে চাৰ্জশ্বীটত অভিযুক্ত বিক্ৰম সিঙ ওৰফে বিকিক নগদ ৩৫ লাখ সহ অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছিল ।
বৃহস্পতিবাৰৰ অভিযানত অভিযুক্ত মনপ্ৰীতৰ ঘৰৰ পৰা নগদ ২০ লাখ, ১৩০ জাঁই সজীৱ গুলী, মবাইল ফোন, পেন ড্ৰাইভ, হেৰইন পেকিং কৰিবলৈ থোৱা পলিথিন সহ বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ।
লগতে পঢ়ক:কিশোৰীক ধৰ্ষণ আৰু হত্য়াৰ গোচৰত ছট্টিশগড়ত গ্ৰেপ্তাৰ ৬ জন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.