নিউজ ডেস্ক, ১২ জুনঃ নেপালত সংঘটিত হৈছে এক অনাকাংখিত ঘটনা। নেপালত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে ভাৰতীয় লোক। শুকুৰবাৰে পুৱা প্ৰায় ৮.৩০ বজাত সংঘটিত হয় এই ঘটনা। কেইগৰাকীমান স্থানীয় লোকে নেপালস্থিত আত্মীয়ৰ ঘৰলৈ গৈ থাকোতে নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰে। এই ঘটনাত এজন ভাৰতীয় লোক নিহত হয়।

শুকুৰবাৰে ভাৰত-নেপাল সীমান্তৰ এখন গাঁওৰ কেইবাগৰাকী লোকে নেপালস্থিত আত্মীয়ৰ ঘৰলৈ বুলি ৰাওনা হৈছিল। কিন্তু আদ-বাটতে নেপালৰ নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে আৰু ঘৰলৈ উভতি যাবলৈ কয়। ইয়াৰ পাছতে নিৰাপত্তাৰক্ষীৰ লগত বাকযুদ্ধত লিপ্ত হয় ভাৰতীয় লোকগৰাকী। তেনে সময়তেই নেপালৰ নিৰাপত্তাৰক্ষীয়ে লোককেইজনক উদ্দেশ্যি ১৫ জাই গুলী চলায়। এই ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন তিনিগৰাকী লোক। আৰক্ষী সূত্ৰই এই সমগ্ৰ ঘটনা সন্দৰ্ভত জানিবলৈ দিয়ে।
লগতে চাওকঃ হৃদৰোগত আক্ৰান্ত কোভিড-19 ৰোগীৰ মৃত্যুৰ সম্ভাৱনা অধিক