ETV Bharat / bharat

ক'ভিড-১৯: নাগালেণ্ডত ক্ৰমাৎ বৃদ্ধি পাইছে আৰোগ্যৰ হাৰ

author img

By

Published : Aug 19, 2020, 12:31 PM IST

নাগালেণ্ডত বিগত ৪টা দিনত ক'ভিড-১৯ত নতুনকৈ আক্ৰান্ত হোৱা ৰোগীৰ তুলনাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰোগ্যৰ হাৰ। মঙলবাৰে ১৩৪গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে। ক'ভিড-১৯ত নতুনকৈ ৬৫গৰাকী লোক আক্ৰান্ত হৈছে।

নাগালেণ্ডত আৰোগ্যৰ হাৰ বৃদ্ধি
নাগালেণ্ডত আৰোগ্যৰ হাৰ বৃদ্ধি

নেশ্য়নেল ডেস্ক, 19 আগষ্ট : নাগালেণ্ডত কৰ'ণা ভাইৰাছে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণলৈ আহিছে। বিগত ৪ টা দিনত আৰোগ্যৰ হাৰৰ তুলনাত নতুনকৈ আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। মঙলবাৰে এই তথ্য প্ৰকাশ কৰে ৰাজ্যখনৰ গৃহমন্ত্ৰী পংন্যু ফ'মে। মঙলবাৰে ১৩৪ গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতাৰ বিপৰীতে ৬৫ জন লোক নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, সুস্থ হৈ উঠা ১৩৪ জন লোকৰ ৭৯ গৰাকী ডিমাপুৰৰ, ৩৬ গৰাকী কোহিমাৰ আৰু ১৯ গৰাকী ঝুনহেব'ট' জিলাৰ। সোমবাৰে ৬১ টা নতুন ঘটনা পোহৰলৈ অহাৰ বিপৰীতে ১০৮ জন ৰোগী আৰোগ্য হৈ উঠিছে ৷

দেওবাৰে ১০১ জন ৰোগী সম্পূৰ্ণ সুস্থ হৈ উঠিছে আৰু নতুনকৈ ৫৪ জন লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে। যোৱা শনিবাৰে ১৮ টা নতুন ক'ভিড-১৯ ত আক্ৰান্তৰ ঘটনাৰ বিপৰীতে ১২৩ জন লোক আৰোগ্য হৈ উঠিছে। বৰ্তমানলৈকে ১,৬৬৪ জন ৰোগী সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ উভতিছে। ইয়াকে লৈ আৰোগ্যৰ হাৰ ৪৭.২৭% লৈ উন্নীত হৈছে বুলি সদৰি কৰে গৃহমন্ত্ৰী পংন্যু ফ'মে।

নতুনকৈ আক্ৰান্ত হোৱা ৬৫ গৰাকীক ধৰি নাগালেণ্ডত ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩,৫২০ জন। মুঠ নমুনা পৰীক্ষা কৰা ৫০৩ জন লোকৰ ভিতৰত ৪১ গৰাকী কোহিমাৰ, ২৩গৰাকী ডিমাপুৰৰ, এজনৰ ঘৰ মন জিলাত। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, ৩৭ গৰাকী সেনা জোৱান, ১১ গৰাকী কৰ্মী আৰু ৮ গৰাকী বহি:ৰাজ্যৰ পৰা অহা লোক নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত হৈছে।

লগতে পঢ়ক : সুশান্তৰ মৃত্যু গোচৰ : চিবিআই তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.