ETV Bharat / bharat

মোদীজী, এতিয়া কাম কৰো ব'লক ! - কৰ’ণা ভাইৰাছ

ভাৰতীয়সকল, কৰ’ণা ভাইৰাছক দূৰত ৰখাৰ বাবে আপোনালোকে যথেষ্ট কৰিছে । অভিনন্দন ! ভাৰতৰ মৃত্যুৰ হাৰ ৩.২৭ শতাংশ । এতিয়া আমি ভেণ্টিলেটৰ গুচাই ভাৰত আৰু ইয়াৰ বিচিত্ৰ অৰ্থনীতিক নিজাকৈ উশাহ ল’বলৈ দিব লাগে । এতিয়া দেশবাসী কামৰ পৃথিৱীলৈ উভতি যাব লাগে । ৰঙা,সেউজীয়া,কমলা-কোনো কথা নাই । ভাইৰাছটো থাকিব যদিও আমি সহাৱস্থান কৰাৰ বাবে প্ৰস্তুত হ’ব লাগিব ৷

মোদীজী, এতিয়া কাম কৰা যাওঁক !
মোদীজী, এতিয়া কাম কৰা যাওঁক !
author img

By

Published : May 8, 2020, 12:49 PM IST

Updated : May 8, 2020, 7:09 PM IST

নিউজ ডেস্ক,8 মে’ঃ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত ভাৰতে যথেষ্ঠ উন্নত প্ৰদৰ্শন দেখুৱাইছে । ৪ মে’লৈকে ৪২,৫৩৫ জন আক্ৰান্তৰ ভিতৰত মাত্ৰ ১,৩৯১ জনৰ মৃত্যুৰে ভাৰতৰ আৰোগ্যৰ হাৰ ২৭.৫ শতাংশ । কিন্তু, তাৰ মাজতে ভাৰতৰ অৰ্থনীতি দুৰ্বল হৈ পৰিছে । ভাইৰাছে যিমান ক্ষতি কৰিব পাৰে তাতোকৈ বেছি ক্ষতি কৰিছে সান্ধ্য আইনে । ৰাষ্ট্ৰসংঘৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি ৪০০ মিলিয়ন ভাৰতীয় শ্ৰমিকে দৰিদ্ৰতাৰ মাজত জীৱন কটাব লাগিব । কৰ’ণা ভাইৰাছৰ বাবে ভাৰতৰ জিডিপি বিকাশৰ হাৰ ১০-১৫ শতাংশ হ’ব বুলি নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অভিজিত বেনাৰ্জীয়ে মন্তব্য কৰিছে । এয়া হতাশাজনক ছবি নহয়নে ? ঘৰলৈ উভতিবৰ বাবে হাহাকাৰ কৰা দৰিদ্ৰ আৰু ভোকত ককবকাই থকাসকলৰ ছবি মনলৈ আনিলে আৰু হতাশ হোৱা যায় । আগ্ৰাৰ ৰাস্তাত পৰি থকা গাখীৰ কুকুৰৰ লগতে এজন লোকে চেলেকাৰ দৃশ্যৱে সকলোৰে হৃদয় কঁপাই তুলিব । আগ্ৰাৰ দৰে বহু হটস্প’ট আৰু কোৱাৰেণ্টাইন শিবিৰত দলে দলে ৰাখি থোৱা লোকসকল নতুন যুগৰ অস্পৃশ্য হৈ পৰিছে । আমাৰ শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ ৰাষ্ট্ৰই জৈৱ ৰাজনীতিৰ আশ্ৰয় লৈছে । যিহেতু অৰ্থনীতি এতিয়াও মুকলি কৰা হোৱা নাই অনাগত দিনত আমি অধিক ভয়াৱহতাৰ সন্মুখীন হ’ব লাগিব-অধিক অস্থিৰতা আৰু হিংসাই হয়তো দেশখন গ্ৰাস কৰিব ৷

ভাইৰ’ল’জী ১০১

ভাইৰাছবোৰ প্ৰকৃতিৰে অংশ । সেইবোৰ যিহেতু জীৱ বা প্ৰাণহীন দুয়োটাই নহয় সেয়ে ঔষধ বা প্ৰতিষেধকৰ দ্বাৰা সহজে শান্ত কৰিব নোৱাৰি । সেইবোৰ কোনো আশ্ৰয়দাতাৰ তাত আশ্ৰয় লৈ বেছিভাগ সময় শিলৰ দৰে মৃত হৈ থাকে । মানুহ,উদ্ভিদ বা জন্তুৰ বিৱৰ্তনত ভাইৰাছৰ ভূমিকাক আমি অস্বীকাৰ কৰিব নোৱাৰো । সংক্ৰমিত কৰিব পৰা বোৰে আমাক আক্ৰমণ কৰে আৰু বাকীবোৰে আমাক সুস্থভাৱে জীয়াই থকাত সহায় কৰে । সময়ৰ লগে লগে আমি এই সংক্ৰমণ হোৱা ভাইৰাছবোৰৰ বিৰুদ্ধে ইম্যুনিটি আৰু জেনেটিক প্ৰতিৰোধ আয়ত্ব কৰো ।

বৰ্তমান প্ৰতিষেধকৰ বাতৰিৰে সংবাদ মাধ্যম ভৰপূৰ হৈ পৰিছে । কিন্তু প্ৰতিকাৰ হিচাপেহে প্ৰতিষেধকবোৰ ভাল । ইনফ্লুৱেঞ্জাৰ ক্ষেত্ৰত আমি দেখা পাইছো যে,প্ৰতিটো ছিজনতে পেথ’জিনৰ পৰিৱৰ্তিত চৰিত্ৰৰ বাবে নতুন প্ৰতিষেধকৰ প্ৰয়োজন হয় । কিন্তু অৰ্ধশতিকা যুঁজাৰ পাছতো মানৱ জাতিয়ে এই আই ভি-ৰ প্ৰতিষেধক উদ্ভাৱন কৰিব পৰা নাই । কৰ’ণা ভাইৰাছৰ সমাধান হিচাপে প্ৰতিষেধকৰ সামৰ্থক লৈ চিকিৎসক,বিজ্ঞানী আৰু মহামাৰীৰ বিশেষজ্ঞসকলে ইতিমধ্যে প্ৰশ্ন উত্থাপন কৰিছে । এই প্ৰতিষেধকে কাম কৰিব নে নাই নিশ্চিত নোহোৱাকৈ ভাৰতবৰ্ষই নিৰ্বোধৰ দৰে অপেক্ষা কৰি থাকিব নোৱাৰে । বিৱৰ্তনৰ ইতিহাসৰ পৰা অনুধাৱন কৰা যায় যে কৰ’ণাই হওঁক বা ইনফ্লুৱেঞ্জাই হওঁক,ভাইৰাছৰ বিৰুদ্ধে দীৰ্ঘকালীনভাৱে যুঁজ দিয়াৰ মূল উপায় হৈছে শক্তিশালী প্ৰতিৰোধ ক্ষমতা ৷

সেয়া যিয়েই নহওক, কোনো প্ৰতিষেধক নোহোৱাকৈ আমি ভাইৰাছবিধ নিয়ন্ত্ৰণ কৰি মৃত্যুৰ হাৰ কমাই ৰাখিব পাৰিছো । এতিয়া Covid 19 ক আন এক সংক্ৰামক ৰোগ যক্ষ্মাৰ লগত তুলনা কৰা যাওঁক । বছৰি ১.৫ মিলিয়নতকৈ অধিক লোক যক্ষ্মাত আক্ৰান্ত হৈ মৃ্ত্যুক আঁকোৱালি লয় । তাৰবাবে আমি আমাৰ অৰ্থনৈতিক কাম-কাজ বন্ধ ৰাখোনে ? নাৰাখো । আমি কাম কৰি যাওঁ । আনকি যক্ষ্মাৰ পৰীক্ষা নকৰাকৈ লাখ লাখ শ্ৰমিকে কাম কৰি যায় । কৰ’ণাক ইয়াতকৈ বেলেগ বুলি ভবা কিয় যায় ! তুলনা কৰিলে দেখা যায় যে যক্ষ্মা কৰ’ণাতকৈ অধিক ভয়াৱহ ৷

কম্পিউটাৰ মডেলিং আৰু বিদেশৰ বিকল্প বাস্তৱক নাকচ কৰাৰ সময় এয়া । আমি প্ৰতিষেধক অবিহনে ৰোগবিধ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছো । যিহেতু আমাৰ অৰ্থনীতিক ৰক্ষা কৰাৰ উপায় ক্ৰমশঃ নোহোৱা হৈ পৰিছে আমি পুনৰ অৰ্থনৈতিক কাম-কাজ আৰম্ভ কৰিব লাগে । অন্যথা লাখ লাখ লোকে কৰ’ণাৰ সলনি পুষ্টিহীনতা আৰু দুৰ্বল স্বাস্থ্যৰ বাবে মৃত্যুক সাবটি ল’ব লাগিব । S M E কোম্পানীসমূহৰ বাবে ইতিমধ্যে মৃত্যুঘণ্টা বাজি উঠিছে । আমি বেছিদিন লক্​ ডাউন অব্যাহত ৰাখিব নোৱাৰো ।

উভতি চাওঁ

কৰ’ণা এতিয়া নতুন সত্য । আমি ইয়াৰ লগতে কাম কৰিব লাগিব আৰু জীয়াই থাকিব লাগিব । ইয়াত ভয় খোৱাৰ কোনো কাৰণ নাই । নিঃসন্দেহে কৰ’ণা অতিকৈ সংক্ৰামক, কিন্তু মৃত্যুৰ হাৰ তেনেই নিম্ন । যদিও সমস্যাটোক লঘু কৰিব খোজা নাই, তথাপি এটা তথ্য চিন্তনীয়-কৰ’ণাতকৈ দিল্লীত হোৱা পথ দুৰ্ঘটনাত মৃত্যু ঘটা লোকৰ সংখ্যা অধিক ।

বহুদিন আগেয়ে কৃষিকাৰ্য কৰাৰ অনুমতি দিয়া হৈছে । অৰ্থাৎ ভাৰতৰ অৰ্থনীতি আৰু কৰ্মীৰ ৭০ শতাংশই কৰ্ম জীৱনলৈ উভতিছে ৷ ভাৰতক নতুনকৈ আৰম্ভ কৰিবলৈ এয়াই আটাইতকৈ সহজ উপায় । সকলো ৰাজ্যতে কামবোৰ আৰম্ভ কৰিব লাগে । বিনোদন জাতীয় ক্ৰিয়া-কৰ্মবোৰ আমি কিছুদিনৰ বাবে বন্ধ ৰাখিব পাৰো । কিন্তু মূল আৰু আনুষংগিক অৰ্থনৈতিক কাম-কাজবোৰ আৰম্ভ কৰা উচিত । মন্দাৱস্থা এতিয়াও শেষ হোৱা নাই । সংকটৰ সময়ত পৃথিৱীক ভাৰতৰ পৰা সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰতো আমি সাজু থাকিব লাগিব । মেক্​ ইন ইণ্ডিয়া শ্লোগান ইয়াৰ দ্বাৰাই প্ৰতিফলিত হ’ব । যিহেতু ব্যক্তিগত প্ৰতিৰোধ ক্ষমতাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে ৷ চৰকাৰে আয়ুস মন্ত্ৰালয়ৰ জৰিয়তে সকলোৱে পালন কৰিব লগা প্ৰট’কল প্ৰকাশ কৰিব লাগে । উদাহৰণস্বৰূপে ভিটামিন বা খাদ্যৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদান কৰি প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাব পাৰি ৷

৬৫ বছৰৰ ঊৰ্ধৰ লোকসকল যিহেতু এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি তেওঁলোকক সুৰক্ষা প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব । কিন্তু আন লোকসকলক স্বাধীনতা প্ৰদান কৰাটো আমাৰ কৰ্তব্য । আমাক সকলোকে দুটা উপায় দিব লাগে-আমি কাম কৰিব বিচাৰো নে আমাৰ মাতৃ, শিশু বা পত্নীক অনাহাৰে থকাটো চাব বিচাৰো । তেওঁলোকে কোনো বদান্যতা বা চৰকাৰৰ পুতৌ নিবিচাৰে । বৰং নিজৰ কষ্টৰ ঘামৰ বিনিময়ত দুবেলা-দুমুঠিৰ যোগাৰ কৰিব বিচাৰে যাতে তেওঁলোকে স-সন্মানে মৃত্যুক আঁকোৱালি ল’ব পাৰে ।

সকলো জীৱনৰে প্ৰাকৃতিকভাৱে মৃত্যুৰ জৰিয়তে অন্ত পৰে । গতিকে ইয়াক কেন্দ্ৰ কৰি ভয় খোৱাৰ প্ৰয়োজন নাই । আপোনজনৰ যন্ত্ৰণা বা দুখ বা তেওঁলোকৰ বাবে আমি কৰিবলগীয়াখিনি কৰিব নোৱাৰাৰ অক্ষমতাই আমাক দুখ দিয়ে । খাদ্য-পানীৰ লগতে টকা-পইচা অতিকৈ প্ৰয়োজনীয় । যমৰাজে কাক বাচনি কৰে কৰিবলৈ দিয়ক, আমি আমাৰ পৰিয়াল, আপোনজন আৰু দেশৰ প্ৰতি দায়িত্ব পালন কৰি যাম । আমাৰ স্থানীয় অৰ্থনীতি আৰু ব্যৱসায়ৰ উন্নতিৰ স্বাৰ্থত আমি কাম কৰিব লাগিব । আমি যদি আমাৰ অৰ্থনীতিক ৰক্ষা কৰিব পাৰো তেতিয়াহে আমি বিচৰাধৰণে অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব পাৰিম । ভয়ৰ দিনবোৰ আঁতৰিল, এতিয়া আমাৰ দায়িত্ব পালন আৰু সন্মান,সমৃদ্ধি আৰু সুখেৰে পৰিপূৰ্ণ জীৱন পুনৰ গঢ়াৰ সময় ।

ইন্দ্ৰশেখৰ সিং (সঞ্চালকঃপলিচি এণ্ড আউটৰীচ্​-নেশ্বনেল ছীড এছ’চিয়েশ্বন অৱ ইণ্ডিয়া)

লগতে চাওকঃ COVID-19: আগ্ৰাত সাংবাদিক সহ দুজনৰ মৃত্যু

Last Updated : May 8, 2020, 7:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.