ETV Bharat / bharat

অলপ সাৱধানতাই ৰক্ষা কৰিব পাৰে অনেকজনৰ জীৱনঃ প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Mar 21, 2020, 1:33 PM IST

কৰ'ণা ভাইৰাচৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ "অলপ সাৱধানতাই ৰক্ষা কৰিব পাৰে অনেকজনৰ জীৱন" বুলি কেপচন লিখি টুইটাৰযোগে এটা ভিডিঅ' শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

Corona virus
অলপ সাৱধানতাই ৰক্ষা কৰিব পাৰে অনেকজনৰ জীৱন

নেশ্বনেল ডেস্ক, 21 মাৰ্চঃ সমগ্ৰ বিশ্বতে কালৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাচৰ সজাগতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰযোগে শ্বেয়াৰ কৰিলে এটা ভিডিঅ' ৷ "অলপ সাৱধানতাই ৰক্ষা কৰিব পাৰে অনেকজনৰ জীৱন" বুলি কেপচন লিখি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা চলায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাচত আজিপৰ্যন্ত আক্ৰান্ত হৈছে 2 লাখ 76 হাজাৰ 472 গৰাকী লোক ৷ লগতে, এই মহামাৰীত 11,417 গৰাকী লোকৰ মৃত্যু হৈছে ৷ আনহাতে, এই ভাইৰাচৰ পৰা আৰোগ্য হৈছে 91 হাজাৰ 954 গৰাকী লোক ৷

তদুপৰি COVID- 19 ৰ আৰম্ভণি হোৱা চীনৰ তুলনাত ইটালীত ক্ৰমাৎ অধিক ভয়াৱহ ৰূপ হৈছে এই ভাইৰাছে ৷ বৰ্তমানলৈকে চীনত 81 হাজাৰ 8 গৰাকী লোক এই ভাইৰাচত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 3,255 গৰাকী লোকৰ ৷ আনহাতে, ইটালীত 47,021 গৰাকী ব্যক্তি আক্ৰান্ত হোৱাৰ বিপৰীতে 4,032 গৰাকী লোকৰ মৃত্যু হৈছে ৷

ভাৰততো COVID 19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 271 গৰাকীলৈ বৃদ্ধি পাইছে ৷ এইপৰ্যন্ত দেশত এই ভাইৰাচত আক্ৰান্ত হৈ 5 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আৰোগ্য হৈছে 23 গৰাকী লোক ৷ দেশৰ ভিতৰত মহাৰাষ্ট্ৰ, কেৰালা, ৰাজস্থান আদিত এই ভাইৰাচৰ প্ৰাদুৰ্ভাৱ অধিক হোৱা পৰিলক্ষিত হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.