ETV Bharat / bharat

অন্ধবিশ্বাসৰ বাবে ধৰ্ষণ-হত্যাৰ বলি হ'ল কাণপুৰৰ ৬ বছৰীয়া কণমানি

author img

By

Published : Nov 17, 2020, 3:05 PM IST

অন্ধবিশ্বাসৰ চৰম পৰিণতি। দীপাৱলীৰ নিশাই ধুমুহা নামিল কাণপুৰৰ এগৰাকী ৬ বছৰীয়া কণমানিৰ জীৱনলৈ। দুটা নৰপিশাচে ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰিলে কণমানিজনীক। মাত্ৰ ১৫০০ টকাৰ লালসাত সংঘটিত কৰিলে অমানৱীয় কাণ্ড। সন্তান প্ৰাপ্তিৰ বাবে ধ্বংস কৰিলে এটি কণমানিৰ জীৱন।

অন্ধবিশ্বাসৰ বাবে ধৰ্ষণ-হত্যাৰ বলি হ'ল কাণপুৰৰ ৬ বছৰীয়া কণমানি
অন্ধবিশ্বাসৰ বাবে ধৰ্ষণ-হত্যাৰ বলি হ'ল কাণপুৰৰ ৬ বছৰীয়া কণমানি

নেশ্যনেল ডেস্ক, ১৭ নৱেম্বৰ: উত্তৰ প্ৰদেশৰ কাণপুৰৰ ভদ্ৰাছ গাঁৱত দীপাৱলীৰ নিশা এগৰাকী ৬ বছৰীয়া কণমানিক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰিলে দুই নৰপিশাচে। এই ঘটনা সংঘটিত কৰাৰ বাবে অভিযুক্ত দুটাক এজন আত্মীয়ই ধন দিছিল। কেইটামান টকাৰ বাবেই এই বুকু কঁপি যোৱা কাণ্ড সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰিলে দুয়োজনে। অভিযুক্তৰ পৰিয়ালৰে পৰশুৰাম নামৰ এজন খুৰাকৰ বিয়াৰ ২১ বছৰ পিছতো নি:সন্তান আছিল আৰু সন্তান লাভৰ বাবে অন্ধবিশ্বাসৰে জড়িত নানান কাম-কাজ কৰিছিল।

ধৰ্ষণৰ বলি হোৱা কণমানিজনীৰ যকৃত্ খালে সন্তান লাভত সহায়ক হ'ব বুলি ভাৱি এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিবলৈ দুই অভিযুক্তক নিৰ্দেশ দিছিল। দীপাৱলীৰ সন্ধিয়া ওচৰতে বাস কৰা এটা অভিযুক্তই ফটকা কিনি দিয়াৰ অচিলাৰে কণমানিজনীক ঘৰৰ পৰা লৈ যায়। ইয়াৰ পিছতে জংঘললৈ নি ধৰ্ষণ কৰে আৰু ডিঙি চেপি হত্যা কৰে। পিছত কণমানিজনীৰ দেহৰ সকলো অংগ উলিয়াই পৰশুৰামক গতাই দিয়ে।

আৰক্ষী অধীক্ষক বৃজেশ কুমাৰ শ্ৰীবাস্তৱে কয় যে,'আৰক্ষীৰ জেৰাত দুই অভিযুক্তই এই অপৰাধ সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে আৰু এই কামৰ বাবে ১৫০০ টকা দিয়া হৈছে বুলি স্বীকাৰোক্তি দিছে।' ধৃত অভিযুক্ত দুটা অংকুন আৰু বীৰাণ। এই দুই পাষণ্ডই নিৰ্দোষী কণমানিজনীৰ দেহৰ পৰা হৃদয় আৰু যকৃত্ মৃত্যুৰ পিছত উলিয়ায় পেলাইছিল। অন্ধবিশ্বাসী পৰশুৰাম আৰু পত্নী সুনন্যাই অংগবোৰ গ্ৰহণ কৰে। কণমানিজনীৰ দেহৰ কিছু অংগ কুকুৰকো খাবলৈ দিয়া হৈছিল। আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত এখন চুৰি জব্দ কৰিছে। ঘটনাৰ পিছতে পৰশুৰাম আৰু পত্নী সুনন্যাৰ লগতে দুই অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক:কন্দৰ্প কুমাৰ কলিতাৰ গ্ৰন্থ 'প্ৰসংগঃ হোম কোৱাৰেনটাইন' উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.