ETV Bharat / bharat

ত্ৰিপুৰাত চিপ লোৱা অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

author img

By

Published : Dec 29, 2020, 12:20 PM IST

ত্ৰিপুৰাত চিকিৎসা বিজ্ঞানত অধ্যয়নৰত এগৰাকী ছাত্ৰৰ মৃত্যু ৷ ছাত্ৰগৰাকী দক্ষিণ ত্ৰিপুৰাৰ বেলোনিয়াৰ বাসিন্দা 23 বছৰীয়া আদৰ্শ দে ৷ ছাত্ৰাবাসৰ কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ ছাত্ৰগৰাকীৰ মৃতদেহ ৷ মেধাৱী ছাত্ৰগৰাকীৰ মৃত্যুত সহপাঠীসকলৰ শোকপ্ৰকাশ ৷

Medical student commits suicide in AGMC hostel in tripura assam etv bharat news
ত্ৰিপুৰাত চিপ লোৱা অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

ত্ৰিপুৰা,29 ডিচেম্বৰ: ত্ৰিপুৰাত সংঘটিত হৈছে এক কৰুণ ঘটনা ৷ আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰই সোমবাৰে নিশা ছাত্ৰাবাসৰ কোঠাত আত্মহত্যা কৰে ৷ নৱম ছেমিষ্টাৰত অধ্যয়নৰত ছাত্ৰগৰাকী দক্ষিণ ত্ৰিপুৰাৰ বেলোনিয়াৰ বাসিন্দা 23 বছৰীয়া আদৰ্শ দে বুলি চিনাক্ত কৰা হৈছে ৷ আদৰ্শই 2016 চনত বেলোনিয়া ইংৰাজী মিডিয়াম বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৷

Medical student commits suicide in AGMC hostel in tripura assam etv bharat news
চিপ লোৱা অৱস্থাত উদ্ধাৰ আদৰ্শ দেৰ মৃতদেহ

ইফালে ঘটনা সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি এই আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷ এগৰাকী জ্যেষ্ঠ চিকিৎসা বিষয়াই প্ৰকাশ কৰে যে, মহাবিদ্যালয়খনৰ তথ্য অনুসৰি ছাত্ৰগৰাকীয়ে সোমবাৰে সকলো শ্ৰেণীত উপস্থিত থকাৰ পিছত সন্ধিয়া সময়ত আকস্মিকভাৱে নিৰুদ্দেশ হৈ পৰে ৷ বহু বিচাৰ-খোচাৰৰ অন্তত সহপাঠীসকলে কোঠাৰ দুৱাৰ ভাঙি আদৰ্শক চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে ৷ মেধাৱী ছাত্ৰগৰাকীৰ মৃত্যুত সহপাঠীসকলে শোকপ্ৰকাশ কৰে ৷

স্থানীয় আৰক্ষীয়ে একাংশ আত্মীয়ৰ সৈতে ছাত্ৰগৰাকীৰ পিতৃ-মাতৃক ছাত্ৰ আৱাসলৈ পঠিয়াই দিয়ে ৷ অশোক দেৰ একমাত্ৰ সন্তান আদৰ্শই ছ’চিয়েল মিডিয়া ফেচবুকৰ প’ষ্টত কেইবাটাও ব্যৱসায়িক কামত জড়িত থকাৰ বিষয়ে উল্লেখ কৰিছিল ৷

উল্লেখ্য যে,চৰকাৰী চিকিৎসা মহাবিদ্যালয়খনৰ ছাত্ৰ আৱাসত সংঘটিত এয়া তৃতীয়টো ঘটনা ৷ পূৰ্বে আৱাসটোত থকা এগৰাকী ছাত্ৰই 2010 চনত অনুৰূপ পথ বাছি লৈছিল ৷ ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ তদন্ত ৷

লগতে চাওকঃ ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নাম লিখিলে টীয়কৰ পদ্মনাভ বনিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.